ASSAM TIMES POST, নগাঁও : কাৰ্বিআংলঙৰ ডকমকাত এটি বছৰ পূর্বে সংঘটিত অভিজিৎ নাথ-নীলোৎপল দাস হত্যাকাণ্ডৰ নগাঁও আদালতত চলি থকা গোচৰৰ শুনানিৰ দিন ১৭আগষ্টলৈ পিছুৱাই দিয়া হৈছে । নগাঁও জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতত চলি থকা গোচৰটোৰ শুনানিৰ দিন আজি আছিল যদিও গোচৰীয়া পক্ষৰ আবেদনৰ পৰিপ্ৰেক্ষিতত আদালতে ঘটনাটোৰ চাক্ষুস সাক্ষীৰ শুনানি গ্ৰহণ স্থগিত ৰাখে।
২০১৮ চনৰ ৮ জুনত ডকমকাত সংঘটিত অভিজিৎ -নীলোৎপল হত্যাকাণ্ডৰ চাক্ষুষ সাক্ষীক একাংশ লোকে বিপথে পৰিচালিত কৰাৰ অভিযোগ তুলি আজি নগাঁও জিলা ও সত্ৰ ন্যায়ধীশৰ আদালতত শুনানি স্থগিত ৰাখিবলৈ অভি-নীলৰ পিতৃদ্বয় গোপাল চন্দ্ৰ দাস আৰু অজিত নাথে আবেদন জনাইছিল। ইতিমধ্যে কেইজনমান সাক্ষীয়ে ভাষ্য সলনি কৰাৰ বাবে সাক্ষীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ যোৱা ৬ আগষ্টত অভি-নীলৰ পিতৃদ্বয়ে ডকমকা থানাত এক অভিযোগো দাখিল কৰিছিল । উক্ত আবেদন মৰ্মে ডকমকা থানাত ৫৩/২০১৯ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন হৈছে ।
ঘটনাৰ সাক্ষীয়ে ভাষ্য সলনি কৰিবলৈ আৰম্ভ কৰাক লৈ উদ্বিগ্ন হৈ পৰিছে অভি-নীলৰ পিতৃ । আজি নগাঁৱত সংবাদ মাধ্যমৰ আগত নিলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাসে কয়, সাক্ষী সকলক ভয়-ভাবুকিৰে বিপথে পৰিচালিত কৰা হৈছে। তাৰ ফলত তিনি জন সাক্ষীয়ে আদালতত নিজৰ ভাষ্য সলনি কৰিছে।এই ক্ষেত্ৰত চাৰি জন লোক জড়িত আছে। উক্ত লোক কেইজনৰ বিৰুদ্ধে ডকমকা থানাত এখন এফ আই আৰ দাখিল কৰা হৈছিল।
আমি সেই এফ আই আৰ খনৰ মাধ্যমেৰে আমাৰ অধিবক্তাৰ জৰিয়তে আদালতত আবেদন জাইছিলো যে, সেই গোচৰটোৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত শেষ নোহোৱা পৰ্যন্ত যেন শুনানি হ’ব নালাগে।আমাৰ আবেদন আদালতে গ্ৰহণ কৰিছে। আনহাতে, অভিজিৎ নাথৰ পিতৃ অজিত নাথে সাংবাদিকৰ আগত কয়: আমাৰ গোচৰটোৰ আজি দুজন সাক্ষীৰ ভাষ্য গ্ৰহণ কৰাৰ কথা আছিল।কিন্তু আমি ডকমকা থানাত এটা গোচৰ তৰিছো। তিনিজন সাক্ষীয়ে ইতিমধ্যে ভাষ্য সলনি কৰিছে।গতিকে আমি চাৰি জন লোকৰ বিৰুদ্ধে পৰহি এটা গোচৰ তৰিলো।
গোচৰটোৰ এটা উচিত তদন্ত নোহোৱা পৰ্য্যন্ত সময় বিচাৰি আমি আজি শুনানি দিনটো পিছুৱাই দিবৰ বাবে আবেদন জনাও।আমাৰ আবেদন গ্ৰাহ্য কৰি এই শুনানিৰ দিনটো ১৭আগষ্টলৈ পিছুৱালে। অভি-নীল হত্যাকাণ্ডৰ অন্যতম চাক্ষুষ সাক্ষী নোমল বসুমতাৰী, উজ্বল মেঁচ আৰু দ্বীপেন ৰংপীয়ে ইতিপূৰ্বে আদালতত নিজৰ ভাষ্য সলনি কৰিছে ।













