নিউজ ডেস্ক:
বিশ্বত যেতিয়া অতিমাৰিৰ দপদপনিত শ্বাস লোৱাই কঠিন হৈ পৰিছে, গৃহবন্দী মানুহৰ জীৱনলৈ নামি আহিছে হতাশাৰ ঘন অন্ধকাৰ, ঠিক সেই সময়তে আশাৰ কিৰণ দেখুৱাই বাচি থাকিবলৈ শিকায় শিল্পীসকলে।
অতিমাৰিৰ ভয়ংকৰ দিনত মানুহৰ মাজত আনন্দ বিলাই ফুৰিছে পশ্চিমবঙ্গৰ মালদহৰ এক বৃদ্ধই। সামাজিক মাধ্যমত তুমুল ভাইৰেল হৈ পৰিছে তেওঁৰ ভিডিওসমূহ। বর্তমান যুগ সামাজিক মাধ্যমৰ যুগ। স্মার্ট ফোনত ধৰি ৰখা যিকোনো ছবি বা ভিডিও সমগ্র বিশ্বৰ সৈতে ভাগ কৰে ইণ্টাৰনেটৰ বাসিন্দাই। আৰু সেই ভাইৰেল ছবি বা ভিডিওৰ বলতেই নিশাৰ ভিতৰতে নায়ক বা খলনায়ক হৈ যায় যিকোনো।
কোনো কোনো ভিডিও বা ছবিয়ে যেনেদৰে নেট দুনীয়াক ভবাই তোলে তেনেদৰে অনেক পোষ্টে বেয়া সময়ত মন ভাল কৰে।এই কাহিনীৰ নায়কৰ নাম ভগৱান সাউ৷ তেওঁৰ পৰিয়াল নাই৷ পথে পথে নিঃস্বার্থভাবে বেহালা বজাই শুনাই তেওঁ। যাৰ বাবে তেওঁ কোনো টকা-পইচা নলয় বুলিও জনা যায়।
এটাৰ পিছত আনটো অনুৰোধ হাঁহিমুখে ৰক্ষা কৰে তেওঁ।ফেচবুকত ভাইৰেল হ’লেও মালদহ চহৰত তেওঁ এক পৰিচিত মুখ৷ নন্দিতা দাস নামৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে তেওঁৰ চাৰিটা বেহালা বজোৱা ভিডিও পোষ্ট কৰিছিল।
তাত দেখা গৈছে, আপোন মনে বজাই গৈছে, লাগ যা গালে, যা ৰে উড়ে যা রে পাখি, দিৱানা হুৱা বাদল, আমায় প্রশ্ন কৰে নীল ধ্রুবতাৰা, কহি দূৰ যব দিন ঢাল যায়ে… নন্দিতা দাসে শ্বেয়াৰ কৰা ভিডিওৰ সৈতে লিখিছে, “অসাধাৰণ শিল্পী, অপূর্ব তেওঁৰ শিল্পস্বত্বা, কি মনোমোহা সৃষ্টি। শিল্পীগৰাকীয়ে তেওঁৰ শিল্পকর্ম নিস্বার্থভাবে আগুৱাই লৈ গৈছে। বিয়লি বেলাত মনটো যেন মুগ্ধ হৈ গ’ল”। তাৰ পিছৰ পৰাই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে এই বৃদ্ধ। লাইক কমেন্টৰ বন্যা বৈ যায়। চাওক আৰু শুনক তেওঁৰ সুৰৰ যাদু।