নিউজ ডেস্ক :
মাৰ্চ মাহৰ পৰা জুন মাহ পৰ্যন্ত খুচুৰা সামগ্ৰীৰ মূল্য সূচক বাঢ়ি আছে ৷ চৰকাৰী তথ্য মতে জুন মাহত এই বৃদ্ধিৰ হাৰ ৬.০৯ শতাংশ। লকডউনৰ বাবে এপ্ৰিল আৰু মে’ মাহত প্ৰকাশ কৰা হোৱা নাই সামগ্ৰীক খুচুৰা সামগ্ৰীৰ মুদ্রাবৃদ্ধিৰ সূচক । শেষৰবাৰ প্ৰকাশিত হৈছিল মাৰ্চ মাহত ৷ যদিও এপ্ৰিল আৰু মে’ মাহত খাদ্য সামগ্ৰীৰ মূল্যৰ ভিত্তিত মূল্যবৃদ্ধি আনিছিল চৰকাৰে ৷
অনুমান কৰা মতে জুন মাহত মূল্য বৃদ্ধিৰ হাৰ বহু বেছি ৷ এনেদৰে কৈছে বিশেষজ্ঞসকলে৷ মে’ মাহত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কমিছে ৷ মে’ মাহত আছিল ৯.২০ শতাংশ, সেয়া জুন মাহত হয়গৈ ৭.৮৭ শতাংশ। ক’ভিডৰ প্ৰভাৱত অৰ্থনীতিত আঘাত হনাৰ স্পষ্ট প্ৰভাৱ পৰিছে ৷ আইএমএফৰ তৰফৰ পৰা কোৱা হৈছে ২০২০ চনত ভাৰতৰ অৰ্থনীতিত মাধমাৰ খালেও ২০২১ চনত পুনৰ ঘুৰি আহিব অর্থনীতি।