ASSAM TIMES POST
নগাঁওঃ নগাঁৱৰ ননৈ পহৰা আৰক্ষী চকীৰ অন্তৰ্গত ননৈ মিকিৰপাৰ উৰিয়া গাঁৱত আজি দুপৰীয়া ভাগত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। ঘৰত কোনো নথকাৰ সময়তে গাত জুই লাগি ৰহস্যজনক ভাবে মৃত্যু হয় এগৰাকী বোৱাৰীৰ।নিহত বোৱাৰী গৰাকী নাম কবিতা বৰা(২৪)।
মহিলা গৰাকীৰ গাত কিদৰে জুই লাগিল সেয়া এতিয়াও ৰহস্যৰ আৰ্বতত।মহিলা গৰাকীৰ গাত জুই লগা কথা প্ৰথমে শাহুৱেকে গম পাই চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া আহি মহিলা গৰাকীক বচাবলৈ চেষ্টা কৰে যদিও সম্পূৰ্ণ অগ্নিদগ্ধ হৈ পৰা মহিলা গৰাকীৰ মৃত্যু ঘটে। কবিতা বৰাই আত্মহত্যা কৰিছেনে নে কোনোবাই হত্যা কৰিছে সেয়া জানিব পৰা হোৱা নাই যদিও অঞ্চলটোৰ স্হানীয় লোকৰ লগতে কবিতা বৰাৰ পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপিত কৰিছে।
কবিতা বৰাক তেওৰ স্বামী আৰু শাহুৱেকে ৰূমৰ ভিতৰত আবদ্ধ কৰি জ্বলাই দিয়া অভিযোগ তুলিছে কবিতাৰ পৰিয়ালে। মৃত কবিতাৰ পৰিয়ালৰ লোকৰ অভিযোগ কবিতাৰ স্বামী আৰু শাহুৱেকে প্ৰায়ে সৰু সৰু কথাত কবিতাৰ লগত কাজিয়া কৰি আহিছিল আৰু আজিও তেনে কাজিয়াৰ পৰিণিতি স্বৰূপে কবিতাক জ্বলাই দিয়ে।
ইপিনে বোৱাৰী গৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি ননৈ মিকিৰপাৰ উৰিয়া গাঁৱত এক উতপ্ত পৰিস্থিতিৰো সৃষ্টি হয়।স্হানীয় লোকে কবিতা বৰাৰ মৃত্যু পৰিকল্পিত হত্যাকান্ড বুলি অভিযোগ তুলি এক উতপ্ত পৰিস্হিতিৰ সৃষ্টি কৰে পিছত ঘটনাস্হলীত ননৈ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি শান্ত কৰে।
মহিলা গৰাকীৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড নে আত্মহত্যা সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।ইতিমধ্যে ননৈ আৰক্ষীয়ে সোধপোছৰ বাবে কবিতা বৰাৰ স্বামী পাপু বৰা আৰু শাহুৱেক ধনেশ্বৰী বৰাক আটক কৰিছে। উল্লেখযোগ্য যে নিহত বোৱাৰী গৰাকীৰ এটি তিনিবছৰীয়া শিশু সন্তানো আছে।













