ASSAM TIMES POST
ডিজিটেল ডেস্ক:
হার্ট এটাকত প্রতিবছৰে বিশ্বত সকলোতকৈ বেছি মানুহৰ মৃত্যু হয়। হঠাৎ বুকুত বিষ, মুহূর্ততেই শৰীৰ নিস্তেজ আৰু হস্পিটেললৈ নি ইটো সিটো কৰোতেই ৰোগী কমালৈ যায় বা মৃত্যুৰ কোলাত ঢলি পৰে। কিন্তু যদি হার্ট এটাকৰ পিছৰ পৰা হস্পিটেললৈ নিয়াৰ আগমুহূৰ্ত পর্যন্ত সময়খিনিত দিশহাৰা ন’হৈ বিচক্ষণতাৰ সৈতে প্রাথমিক চিকিৎসা দিয়া যায় তেতিয়া বিপদৰ হাতৰ পৰা ৰক্ষা পাব পাৰে ৰোগীয়ে। বহু সময়ত হঠাৎ প্রচণ্ড বুকুৰ বিষ আৰম্ভ হ’লে বিচলিত ন’হৈ স্থিৰ হৈ প্রাথমিক চিকিৎসাৰ সহায় লৈ ইয়াৰ পিছত তুৰন্তে হস্পিটেললৈ ৰাওনা হোৱা উচিত।


এই সময়খিনিত অসচেতনতাৰ ফলত হ’ব পাৰে হিতে বিপৰীত অৱস্থা। হার্ট এটাকৰ ঠিক পিছতেই ৰোগীক কেনে ধৰণৰ প্রাথমিক চিকিৎসা দিব পৰা যায় তাক তলত দিয়া হ’ল:
-ৰোগীৰ মুখত কোনো খাদ্য নিদিব। বুকুত প্রচণ্ড বিষ অনুভব হোৱাৰ লগে লগে ৰোগীক চিধা কৰি বিছনাত শুৱাই দিব লাগে। ইয়াৰ পিছত গাৰ কোনো কাপোৰ টান হৈ থাকিলে ঢিলা কৰি দিব লাগে আৰু যিমান পাৰি সোনকালে হস্পিটেললৈ লৈ যাব।
-এই সময়ত ৰোগীৰ জীবনৰ প্রতিটো মুহূর্তই মহা মূল্যবান। সেয়ে যি কৰা যায় দ্রুতভাৱে কৰিব লাগিব। কিন্তু অতি খৰখেদাকৈ কিবা কৰিবলৈ গৈ ভুল কৰিলে ৰোগীৰ জীবন অধিক সংকটত পৰিব পাৰে। এই সময়ত ৰোগীক এফলীয়াকৈ নাৰাখিব। তেওঁৰ ওচৰত থাকিব আৰু চিকিৎসক নহা পর্যন্ত তেওঁৰ প্রতিটো লক্ষণৰ ওপৰত নজৰ ৰাখিব লাগে। কিন্তু ৰোগীক লৈ ঘৰত বহি থকাটো সকলোতকৈ বিপজ্জনক।
-হস্পিটেললৈ নিয়াৰ পথত ৰোগীৰ মুখত এস্পিৰিন জাতীয় ঔষধ দিব পৰা যায়। কিন্তু ৰোগীক সেয়া চুহি বা চোবাই খাব দিব।
-ৰোগী যদি বেছি ঘামি থাকে তেনেহ’লে তেওঁৰ জিভাৰ তলত এক চামুচ গ্লুকোজ দিব পাৰে। কিন্তু ভুলতো কোনো ঠাণ্ডা আৰু মিঠা পানীয় তেওঁৰ মুখত দিব নোৱাৰিব।
-ৰোগীৰ যদি শ্বাস ল’বলৈ কষ্ট হয় আৰু শ্বাস চুটি হৈ যায় তেতিয়াহ’লে তেওঁক আধা শোৱা অৱস্থাত বহাই কাহ মৰাৰ চেষ্টা কৰাব লাগিব।
-ৰোগী অচেতন হৈ গ’লে আৰু কোনো সঁহাৰি নিদিলে চিপিআৰৰ সহায় ল’ব লাগিব। চিপিআৰ হ’ল হাতেৰে বুকুত লাহে লাহে চাপৰ সৃষ্টি কৰা আৰু মুখেৰে ৰোগীৰ মুখত শ্বাস-প্রশ্বাসৰ ব্যৱস্থা কৰা।
-প্ৰাথমিক চিকিৎসাৰ ফলাফলৰ ওপৰত নির্ভৰ নকৰি ৰোগীক এনে কোনো হস্পিটেললৈ লৈ যাব লাগে য’ত আধুনিক প্রযুক্তিসম্পন্ন আইচিইউ আছে আৰু পৃথক কার্ডিও বিভাগ আছে।
-স্থানীয় কোনো চিকিৎসকৰ চেম্বাৰত গৈ ক্ৰমিকভাৱে নাম লিখাই ৰখি নাথাকি পোনে পোনে ভাল কোনো হস্পিটেলৰ জৰুৰী বিভাগত ৰোগীক ভর্তি কৰাব লাগে।
-এই সময়ত কোনো অবৈজ্ঞানিক আৰু কুসংস্কাৰপূর্ণ চিকিৎসা ৰোগীৰ জীবনৰ বাবে ভাবুকি হিচাবে প্রমাণিত হ’ব পাৰে। সেয়ে এই সময়ছোৱাত আপোনজনৰ জীবনৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে বিচক্ষণতাৰ সৈতে প্রতিটো পদক্ষেপ ল’ব আৰু তেওঁক তুৰন্তে হস্পিটেললৈ নিয়াৰ ব্যৱস্থা কৰক।













