ASSAM TIMES POST
নতুন দিল্লীঃ প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টিৰ সাহসস্বৰূপা সুষমা স্বৰাজে মঙলবাৰে নিশা ৯ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মঙলবাৰে সন্ধিয়া তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত সৰ্ব ভাৰতীয় আৰ্য়ুবিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছত ভৰ্তি কৰাৰ পাছতে নিশালৈ চিকিৎসকে মৃত ঘোষণা কৰে। পৰৱৰ্তী সময়ত তেওঁৰ নিথৰ দেহটো জনপথস্থিত ধাৱন দীপ বিল্ডিঙৰ বাসভৱনলৈ লৈ অনা হয়।
শেষ শ্ৰদ্ধা জ্ঞাপনঃ প্ৰয়াত স্বৰাজৰ প্ৰতি শেষ শ্ৰদ্ধা জনাবলৈ বুধবাৰে পুৱা ৮ বজাৰপৰা তেওঁৰ বাসভৱনলৈ অগণন জনতাৰ সোঁত বয়। দুপৰীয়া তেওঁৰ নশ্বৰ দেহ বিজেপিৰ সদৰ কাৰ্যালয়লৈ নিয়া হ’ব।
শেষকৃত্য সমাপনঃ ৰাষ্ট্ৰীয় ৰাজধানীৰ লুধি ৰোড বৈদ্যুতিক স্মশানত বুধবাৰে বিয়লি ৩ বজাত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।
প্ৰধানমন্ত্ৰীৰ শোকঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বৰাজৰ মৃত্যুক ‘ভাৰতীয় ৰাজনীতিৰ উজ্জ্বল অধ্যায়ৰ সামৰণি’ আখ্যা দিয়ে।
প্ৰয়াত স্বৰাজৰ ৰাজনৈতিক কেৰিয়াৰঃ অখিল ভাৰতীয় বিদাৰ্থী পৰিষদ চমুকৈ এবিভিপিৰ সদস্য হিচাপে তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল। ১৯৭৭ চনত মাথো ২৫ বছৰ বয়সতে সৰ্বকনিষ্ঠ কেবিনেট মন্ত্ৰী হিচাপে অধিষ্ঠিত হয়। তদুপৰি তেওঁ আছিল দিল্লীৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী আৰু বিজেপিৰ প্ৰথমগৰাকী মহিলা মুখপাত্ৰ। যি আছিল যিকোনো ৰাজনৈতিক দলৰ ক্ষেত্ৰতেই বিৰল। তদুপৰি তেওঁ ভাৰতৰ প্ৰথম গৰাকী পূৰ্ণকালীন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ প্ৰথমটো কাৰ্যকালত তেওঁ এই দায়িত্ব পালন কৰিছিল।
সফলতাঃ বিভিন্ন দপ্তৰৰ মন্ত্ৰিত্বৰ কালত স্বৰাজে জনতাৰ মন্ত্ৰী হিচাপে পৰিগণিত হৈছিল। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হিচাপে বিশ্বৰ ভিন্ন দেশৰে সম্পৰ্ক স্থাপনত স্বৰাজে আগ-ভাগ লৈছিল। তেওঁ আছিল ‘আউটষ্টেণ্ডিং পাৰ্লিয়ামেন্টেৰিয়ান এৱাৰ্ড’ লাভ কৰা প্ৰথমগৰাকী মহিলা ৰাজনীতিক।
জন্ম, শিক্ষা আৰু জীৱনঃ ১৯৫২ চনৰ ১৪ ফেব্ৰুৱাৰীত হাৰিয়ানাত জন্মগ্ৰহণ কৰা স্বৰাজ আছিল সংস্কৃত আৰু ৰাজনীতি বিজ্ঞান(সন্মান)ৰ স্নাতক আৰু আইনৰো স্নাতক। সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তাও আছিল তেওঁ। যুগ্মজীৱনৰ সাক্ষী হিচাপে তেওঁৰ এগৰাকী কন্যা সন্তান আছে।













