ASSAM TIMES POST
গোলাঘাটঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সোমবাৰে গোলাঘাটত দুটা পিষ্টলসহ এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি গোলাঘাটৰ অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত কাছমাৰীৰ মিলনপুৰত গোলাঘাটৰ উপ-আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়াৰ নেতৃত্বত যোৱা এটা দলে অভিযান চলাই দ্বীপেন বড়ো নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা দুটা পইণ্ট ২ নট ২ পিষ্টল জব্দ কৰে।

ইয়াৰ লগত জড়িত হেমন্ত হাজৰিকা নামৰ আন এজন যুৱক পলাতক বুলি জানিব পৰা গৈছে৷ আটকাধীন লোকজনে পিষ্টল দুটা বিক্ৰী কৰিবলৈ অনা বুলি আৰক্ষীয়ে জানিবলৈ দিছে যদিও অধিক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
উল্লেখ্য যে স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত দেওবাৰে গোলাঘাটৰ ৰঙাজানৰ এটা চাহ ফেক্টৰীৰ চৌহদত গ্ৰেণেড উদ্ধাৰ হোৱাৰ এদিন পিছতে পুনৰ পিষ্টল উদ্ধাৰ হোৱা ঘটনাই জনসাধাৰণক শংকিত কৰি তুলিছে৷













