ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলং: পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানত আগন্তুক স্বধীনতা দিৱসৰ প্ৰাকক্ষণত চোকা নজৰ অব্যাহত ৰাখিছে পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী-প্ৰশাসনে৷ জিলাখনত স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত যাতে কোনোধৰণৰ কুটাঘাতমূলক কাৰ্যকলাপ সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ আছে জিলাখনৰ আৰক্ষী প্ৰশাসন৷
আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত ৰাজ্যৰ লগতে প্ৰতিখন জিলাৰ আৰক্ষী বিভাগে চোকা তালাচী অভিযান অব্যাহত ৰাখিছে ৷ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন স্থানত ইতিমধ্যে আৰক্ষী প্ৰশাসনে অব্যাহত ৰাখিছে কটকটীয়া নিৰাপত্তা আৰু খান তালাচী৷ জিলাখনৰ হামৰেণ, বৈঠালাংছ’, খেৰনি, জিৰিকিনদেং, ডংকামোকাম আদি অঞ্চলত আৰক্ষী প্ৰশাসনে ব্যাপক তালাচী অভিযান অব্যাহত ৰাখিছে ৷
স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত যাতে কোনোধৰণৰ উগ্ৰপন্থী সংগঠনকে ধৰি কেতবোৰ অনান্য সংগঠনে যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি সষ্টম হৈ পৰিছে সমগ্ৰ জিলাখনৰ আৰক্ষী প্ৰশাসন ৷












