ASSAM TIMES POST, নগাঁও: আগৰৱালা হত্যাকাণ্ডৰ মূল অভিযুক্ত গোবিন্দ সিংঘালক ফাঁচিৰ লগতে গোৱিন্দৰ মাতৃ আৰু ভগ্নীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে আদালতে ৷ আজি এই ৰায়দানৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোচৰটোৰ তদাৰকী বিষয়া ৰ’জি কলিতাই।বৰ্তমান নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্বত থকা ৰ’জি কলিতাৰ নেতৃত্বতে গোচৰটোৰ অভিযোগনামা প্ৰস্তুত হৈছিল।কলিতাই আজি সংবাদ মাধ্যমৰ আগত জনোৱামতে ন্যায়ালয়ৰ ৰায়ত তেওঁ অতিশয় আনন্দিত হৈছে।তেওঁ কয় যে-গোচৰটোৰ কেচ ডায়েৰী প্ৰস্তুত কৰোতে প্ৰতিটো তথ্যৰ লগতে ঘটনাস্থলীৰ বিশদ বিৱৰণৰ ফটো সন্নিবিষ্ট কৰিছিল।ফলত ন্যায়ালয়ৰ সাক্ষ্যদানৰ সময়ত তেওঁলোকৰ সুবিধা হৈছিল আৰু ন্যায়ালয়ৰো ৰায়দানৰ ক্ষেত্ৰত ই সহায় কৰিছিল।তেওঁ কয় যে গোচৰটো ভালদৰে তদন্ত কৰাৰ বাবে দোষীৰ শাস্তি হ’ল। আমি চাকৰিত যোগদান কৰোতেই শিকিচো যে গোচৰৰ তদন্ত প্ৰক্ৰিয়া ভাল হ’লে দোষীয়ে শাস্তি পাবই।













