ধ ASSAM TIMES POST
নিউজ ডেস্ক:
অৱশেষত জল্পনা-কল্পনাৰ অৱসান ঘটাই গ্ৰহণ কৰা হ’ল সেই সিদ্ধান্ত। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ নাবাঢ়ে ডি এ অৰ্থাৎ মৰগীয়া বনাচ। বৃহস্পতিবাৰে এই কথা স্পষ্ট কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে।
বৃহস্পতিবাৰে বিত্ত মন্ত্ৰালয়ৰ পৰা জাৰি কৰা নিৰ্দেশনাত জনোৱা হয় যে ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা যি অতিৰিক্ত ডি এ দিয়াৰ কথা আছিল, সেয়া এতিয়া সম্ভৱ নহয়। আনকি ২০২১ৰ জানুৱাৰী মাহৰ পৰা যি অতিৰিক্ত Dearness Relief (DR) কৰ্মচাৰীসকলে পোৱাৰ কথা আছিল, সেয়াও প্ৰদান কৰা নহ’ব। অৰ্থাৎ পূৰ্বৰ ১৭ শতাংশ হাৰতেই ডি এ পাব চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলে।
উল্লেখযোগ্য যে যোৱা মাহতেই কেন্দ্ৰৰ তৰফৰ পৰা বর্তমানৰ ১৭ শতাংশৰ ঠাইত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডি এ ২১ শতাংশলৈ বৃদ্ধিৰ কথা ঘোষণা কৰা হৈছিল। কিন্তু কৰোনাৰ প্ৰকোপত চৰকাৰী আয় কমি যোৱাত, ব্যয় সংকোচন ঘটাবলৈ ডি এ বৃদ্ধিৰ সিদ্ধান্ত স্থগিত ৰাখে কেন্দ্ৰই।
এই সিদ্ধান্তৰ ফলত প্ৰত্যক্ষভাৱে প্ৰভাৱিত হ’ব ৫৪ লাখ চৰকাৰী কৰ্মচাৰী আৰু ৬৫ লাখ পেঞ্চনভোগী। আনহাতে, বৰ্ধিত হাৰত ডি এ দিবলৈ হ’লে কেন্দ্ৰীয় চৰকাৰৰ ব্যয় হ’ব ১৪,৫০০ কোটি টকা।