ASSAM TIMES POST
অজন্তা তালুকদাৰ
বোকাখাত : নুমলীগড় শোধণাগাৰৰ মহিলা কৰ্মচাৰীসকলৰ উদ্যোগত আৰু খতিয়াখলি তেজীমলা মহিলা সমিতি, খতীয়াখলি লেখিকা সমাৰোহ সমিতি, কুৰুৱাবাহী মহিলা সমিতি, চন্দ্ৰকলা মহিলা সমিতি, কুৰুৱাবাহী সত্ৰ মহিলা সমিতিৰ লগতে কুৰুৱাবাহী অঞ্চলৰ মহিলাসকলৰ সহযোগত আন্তৰ্জাতিক নাৰীদিৱস উদযাপন আৰু সজাগতা সভাৰ আয়োজন কৰা হয়।
খতিয়াখলি লেখিকা সমাৰোহৰ সমিতিৰ সভানেত্ৰী বন্দনা দত্তই পাতাকা উত্তোলন কৰে, স্মৃতি তৰ্পন কৰে কনকলতা মহিলা সমিতিৰ সভানেত্ৰী পদুম বৰাই, চন্দকলা মহিলা সমিতিৰ সভানেত্ৰী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰি নীৰুপমা শইকীয়াই খেল-ধেমালি উদ্বোধন কৰে। ভেশচন প্ৰতিযোগিতাৰ বিচাৰক হিচাপে নাট্যকাৰ, কবি-নাট্যকাৰ অমৰ শৰ্মা আৰু অভিনেতা জিতু কাকতিয়ে।
খেল পৰিচালনা কৰে অমৰ গগৈ, আৰু হেলেন বৰাই। নুমলীগড় শোধনাগাৰৰ মহিলাসকলৰ উদ্যোগত অনুষ্ঠিত সজাগতা সভাৰ আঁত ধৰে দেৱাহুতি বৰাই, নাৰী দিৱসৰ প্ৰসংগত বক্তব্য ৰাখে কুৰুৱাবাহীৰ সমাজকৰ্মী অৱসৰ প্ৰাপ্ত শিক্ষয়ত্ৰী নীলিমা ৰাজখোৱাই, সজাগতা সভাত জুইৰ পৰা সুৰক্ষা বিষয়ক বক্তব্য ৰাখে নুমলীগড় শোধনাগাৰৰ প্ৰৱন্ধক দিলীপ শৰ্মাই, স্তন কেঞ্চাৰৰ বিষয়ে বক্তব্য ৰাখে ডাক্তৰ বৰ্ণালী দেউৰীয়ে। নাৰীসকলৰ মাজত বিভিন্ন বিষয়ত প্ৰশ্নোত্তৰ শিতানত শুদ্ধ উত্তৰ দিত্তঁতাক পুৰস্কাৰ প্ৰদান কৰা হয়।
নুমলীগড় শোধনাগাৰৰ উইপচৰ সভানেত্ৰী চন্দনা গোস্বামী আৰু সম্পাদিকা শৰ্মীষ্ঠা দত্তৰ উদ্যোগত আয়োজন হোৱা অনুষ্ঠানটিৰ ব্যবস্থাপক হিচাপে আছিল মমতা শইকীয়া গগৈ। ঐচ্ছিক গমন প্ৰতিযোগিতাৰ প্ৰথম নিভা বৰা, ২য় বুলু বৰা আৰু ৩য় ৰাজু বৰা । উদগনি বঁটা লাভ কৰে দীপ্তি বৰা, অৰ্চনা বৰা আৰু স্মৃতিৰেখা দত্তই। মনোযোগ আকৰ্ষণ প্ৰতিযোগিতাৰ প্ৰথম ইলোৰা শইকীয়া দৰজাবাৰী, দ্বিতীয় জ্যোতিকা বৰা, খতিয়াখলি আৰু তৃতীয় মায়াশ্ৰী গগৈ, খতিয়াখলি।
২০০ মিটাৰ দৌৰৰ মহিলাৰ শাখাত প্ৰথম ৰশ্মী বৰা নেপালীখুটি, দ্বিতীয় মনোমতি দাস ৰজাবাৰী আৰু তৃতীয় স্থান জয়মতী মুঢ়া আৰু ইলোৰা শইকীয়াই লাভ কৰে। একে শিতানৰ ছোৱালীৰ শাখাত, প্ৰথম সংগীতা গগৈ নেপালীখুটি, দ্বিতীয় টুস্মিতা বৰা, খতিয়াখলি আৰু তৃতীয় তৃষ্ণা বৰাই লাভ কৰে। সংগীত চকীত, প্ৰথম পল্লৱী বৰা খতিয়াখলি, দ্বিতীয় লক্ষী বৰা খতিয়াখলি আৰু তৃতীয় অনু বৰুৱা দ’ ৰজাবাৰী। খৰকৈ খোজকঢ়া প্ৰতিযোগিতাৰ প্ৰথম নীশা বৰা, কুৰুৱাবাহী, দ্বিতীয় লক্ষী বৰা খতিয়া খলি আৰু তৃতীয় স্থান লাভ কৰে সীমা শইকীয়া আৰু দুলু বৰা দ’ ৰজাবাৰীয়ে।