ASSAM TIMES POST, ডিফু: বোকাজানৰ দেওপানীৰ অৰণ্যত এটি মৃতদেহ উদ্ধাৰ হোৱা ঘটনাকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছ৷ প্ৰাপ্ত তথ্য অনুসৰি বোকাজান মহকুমাৰ অন্তৰ্গত দেওপানী অঞ্চলৰ ঘন অৰণ্যত আজি এটা অৰ্দ্ধগলীত মৃতদেহ উদ্ধাৰ হয় ৷
মৃতদেহটো প্ৰবীণ গগৈৰ বুলি চিনাক্ত কৰা হৈছে। প্ৰবীন গগৈ মণিপুৰৰ ইম্ফলত চি আৰ পি এফত কৰ্মৰত এজন জোৱান বুলি জানিব পৰা গৈছে। প্ৰবীনৰ ঘৰ গোলাঘাটৰ শালিকীহাটত।
মৃতদেহটো প্ৰথমে গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে।পাছত কাৰ্বি আংলংৰ বৰপথাৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে।
,