ASSAM TIMES POST
ডিফু : ডিফু চহৰক প্লাষ্টিকমুক্ত কৰাৰ বাবে আজি ডিফু চহৰত আকষ্মিক ভাবে ব্যাপক অভিযান চলায় ডিফু পৌৰ সভাই ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ মৌখিক আৰু জিলা দণ্ডাধীশৰ এক লিখিত নিৰ্দেশনাৰ প্ৰতি সম্মান জনাইয়ে আজি ডিফু পৌৰ সভাৰ অধ্যক্ষ ৰাহ ক্ৰ’ৰ নেতৃত্বত ডিফু চহৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান ব্যাপক অভিযান চলোৱা হয় ৷
অধ্যক্ষ গৰাকীক অনুসৰণ কৰি ডিফু পৌৰ সভাৰ কেইবাগৰাকী ৱাৰ্ড কমিচনাৰ, নগৰ সমিতিৰ বিষয়া -কৰ্মচাৰীয়ে প্লাষ্টিকৰ বিৰুদ্ধে অভিযান চলাই ডিফু চহৰৰ একাংশ খুচুৰা আৰু পাইকাৰী দোকানৰ পৰা দ’মে দ’মে ৰং- বিৰঙী প্লাষ্টিক উদ্ধাৰ কৰি নি সেইবোৰ জলাই দিয়ে ৷ সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত ডিফু পৌৰ সভাৰ অধ্যক্ষ ৰাহ ক্ৰ’ই কয় যে, ডিফু চহৰত প্লাষ্টিকৰ বিৰুদ্ধে পুৰ্বেও বহুবাৰ অভিযান চলোৱা হৈছিল আৰু ব্যৱসায়ী সকলক জনস্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰুপ প্লাষ্টিকৰ বিক্ৰি আৰু সংৰক্ষণৰ ওপৰত নিষেধাজ্ঞা জাৰী কৰি হৈছিল ৷
ইয়াৰ পিছত চহৰখনৰ প্ৰায় ৯০ শতাংশ দোকানে কাপোৰৰ বা কাগজৰ মোনা, ঠুঙা আদি ৰাখিছিল যদিও ইয়াৰে প্ৰায় ১০ শতাংশ ব্যৱসায়ীয়ে নিৰ্দেশনা বা সতৰ্কতাক উলংঘন কৰি প্লাষ্টিক মোনাৰ বিক্ৰি আৰু সংৰক্ষণ কাম চলাই আছিল, সেয়ে আজি পুণৰ এই সকল ব্যৱসায়ী সকলৰ বিৰুদ্ধে অভিযান চলাই তেওঁলোকে ৰখা প্লাষ্টিক সমূহ জব্দ কৰা হয় আৰু প্ৰথমবাৰৰ বাবে ১০০০ হাজাৰ টকা আৰু পূৰ্বে সতৰ্ক কৰি ৰখা সকলৰ নিষেধাজ্ঞা ভংগ কৰাৰ বাবে ১০,০০০ টকাৰ জৰিমনা বিহা হব বুলি কয় ৷ আনহাতে ডিফু পৌৰ সভাৰ এনে প্ৰচেষ্টাক ৰাইজে শলাগ লৈছে ৷