
ফোন নম্বৰ নোহোৱাকৈ কেৱল নাম (ইউজাৰনেম) ব্যৱহাৰ কৰি ৱাটছএপত মেছেজিং চিষ্টেম আৰম্ভ কৰিবলৈ ওলাইছে মেটাই। কিন্তু ব্যক্তিগত তথ্যৰ গোপনীয়তা ৰক্ষাৰ নামত আৰম্ভ কৰা এই ব্যৱস্থাটোৱে যাতে ভুৱা পৰিচয় ব্যৱহাৰ কৰি জালিয়াতি বা অন্যান্য অপৰাধ সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি সক্ৰিয় হৈছে কেন্দ্ৰ।

সংবাদ মাধ্যম এএনআই আৰু পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, বুধবাৰে কেন্দ্ৰই মেটালৈ ৱাটছএপত ‘ইউজাৰনেম’ ব্যৱস্থা প্ৰৱৰ্তনৰ সন্দৰ্ভত জাননী প্ৰেৰণ কৰে। উক্ত জাননীত কেন্দ্ৰই মেটাক ৩ দিনৰ ভিতৰত ‘ইউজাৰনেম’ সন্দৰ্ভত বিতং ব্যাখ্যা দিবলৈ নিৰ্দেশ দিছে। আলোচনাৰ সময় শেষ নোহোৱালৈকে ভাৰতত ‘ইউজাৰনেম’ ব্যৱস্থা প্ৰৱৰ্তন কৰিব নোৱাৰিব বুলিও জনোৱা হৈছে।
সংবাদ সংস্থা পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, কেন্দ্ৰই ইতিমধ্যে প্ৰস্তাৱিত ‘ইউজাৰনেম’ সন্দৰ্ভত আইনী কাঠামো আৰু আইনৰ বিভিন্ন ধাৰা পুনৰীক্ষণ কৰিছে। মেটাৰ প্ৰস্তাৱিত নতুন ফিচাৰে কোনো সংকটৰ সৃষ্টি কৰিব নেকি সেয়া নিশ্চিত হোৱাৰ পিছতহে ইয়াক ভাৰতত ব্যৱহাৰৰ বাবে অনুমোদন দিয়া হ’ব।
তুলনামূলকভাৱে শেহতীয়াকৈ মেটাই ‘ইউজাৰনেম ফিচাৰ’ মুকলি কৰাৰ কথা ঘোষণা কৰি কয় যে নতুন ব্যৱস্থাটোৱে ফোন নম্বৰ শ্বেয়াৰ নকৰাকৈ যোগাযোগ কৰাৰ সুযোগ প্ৰদান কৰিব। ইতিমধ্যে প্ৰয়োজনীয় কাৰিকৰী প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু চলিত বৰ্ষৰ শেষৰ ফালে আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ’ব।
কেন্দ্ৰীয় ইলেক্ট্ৰ’নিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ৰ এক সূত্ৰই জনোৱা মতে, এই বৈশিষ্ট্যৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে বৈধ সংস্থা, প্ৰতিষ্ঠান বা ব্যক্তিৰ নামৰ দৰে দেখা ‘ইউজাৰনেম’ গ্ৰহণ কৰিব পাৰে আৰু ছদ্মবেশৰ সহায়ত আন অপৰাধতো প্ৰৱঞ্চনা সংঘটিত হ’ব পাৰে। ফলত জনসাধাৰণৰ সুৰক্ষা আৰু সমাজৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ বিপদাশংকা লোৱা নহ’ব।
নটডেটিঙৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া যশপ্ৰীত সিঙে ছ’চিয়েল মিডিয়াত এই বিপদৰ কথা উল্লেখ কৰি লিখিছে, “ব্যক্তিগত গোপনীয়তা গুৰুত্বপূৰ্ণ। দায়বদ্ধত্বাও সিমানেই গুৰুত্বপূৰ্ণ।” পিটিআইৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ভাৰতত ৱাটছএপৰ ৫০ কোটিৰো অধিক ব্যৱহাৰকাৰী আছে, যিটো ছ’চিয়েল মেছেজিং প্লেটফৰ্মৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ বজাৰ।











