
সোমবাৰে বিয়লি বিৰোধী মিত্ৰজোঁট ‘ইণ্ডয়া’ৰ বৈঠকৰ পিছত মঙলবাৰে বিয়লি তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে (Mamta Banerjee) দিল্লীৰ ১০ জনপথত থকা বাংলোত প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক সাক্ষাৎ কৰে।

মঙলবাৰে বিয়লি কালীঘাটৰ ৩০ বি হৰিশ চেটাৰ্জী ষ্ট্ৰীটত থকা মমতাৰ ঘৰৰ সমীপৰ তৃণমূল কাৰ্যালয়ত স্বাক্ষৰ জালিয়াতিৰ গোচৰৰ তদন্তৰ বাবে চিআইডিৰ বিষয়াসকল উপস্থিত হয়।
উল্লেখ্য যে তেওঁলোকে কালীঘাট পোৱাৰ কিছু সময়ৰ পিছতে ১০ জনপথত উপস্থিত হয় মমতা। পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত তৃণমূলৰ পৰাজয়ৰ পিছত এইখনেই আছিল মমতা আৰু ছোনিয়াৰ প্ৰথমখন ব্যক্তিগত বৈঠক।
নিউজ এজেন্সী পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, নিৰ্বাচনৰ পিছৰ হিংসা, সাংসদ অভিষেক বেনাৰ্জীকে ধৰি তৃণমূলৰ নেতা-কৰ্মীক আক্ৰমণ, তৃণমূল সংসদীয় দলৰ বিভাজনৰ দৰে বিষয়বোৰ দুয়োজন নেতাৰ বৈঠকত উত্থাপন হয়। কংগ্ৰেছত থকা সময়ছোৱাত মমতা ৰাজীৱ গান্ধীৰ অতি মৰমৰ বন্ধু আছিল।
তাৰ ওপৰত ভিত্তি কৰি ছোনিয়াৰ লগত মমতাৰ কেমিষ্ট্ৰী সদায় ভাল। ১৯৯৮ চনত কংগ্ৰেছ বিভাজিত হৈ তৃণমূল গঠন কৰাৰ পিছতো গান্ধী পৰিয়ালৰ সৈতে তেওঁৰ সম্পৰ্কএকে আছিল। ৰাষ্ট্ৰীয় ৰাজনীতিৰ বিভিন্ন বিষয়ত ৰাহুলৰ সৈতে মমতাৰ মতানৈক্য কেইবাবাৰো চৰ্চালৈ আহিছে।
কিন্তু ছোনিয়া-মমতাৰ সম্পৰ্কত ইয়াৰ কোনো ৰাজহুৱা প্ৰভাৱ পৰা নাই। যদিও ৰাহুলক কেইবাবাৰো টাৰ্গেট কৰা হৈছে, তথাপিও তৃণমূল নেত্ৰীগৰাকীয়ে ছোনিয়াক ৰাজহুৱাভাৱে সমালোচনা কৰা দেখা পোৱা নাই। পশ্চিমবংগৰ নিৰ্বাচনী বিপৰ্যয়ৰ পিছত মমতায়ো ৰাজহুৱাভাৱে কংগ্ৰেছৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে।
উল্লেখ্য যে সোমবাৰে দিল্লীৰ কনষ্টিটিউচন ক্লাবত বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ বৈঠকৰ সময়ত লোকসভাৰ ২৮ গৰাকী তৃণমূল সাংসদৰ ভিতৰত ২০গৰাকীয়ে আনুষ্ঠানিকভাৱে মমতাক এৰি বিদ্ৰোহী শিবিৰত যোগদান কৰে। দিল্লীৰ বিজেপি নেতা ভূপেন্দ্ৰ যাদৱৰ ঘৰত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ উপস্থিতিত এক বৈঠক অনুষ্ঠিত হয়।
বিদ্ৰোহীৰ নেতৃত্বত আছে বৰাছাতৰ সাংসদ কাকলি ঘোষ দস্তিদাৰ আৰু বীৰভূমৰ সাংসদ শতাব্দী ৰায়। বিদ্ৰোহীসকলে সোমবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈও এখন পত্ৰ প্ৰেৰণ কৰি লোকসভাত এটা সুকীয়া ‘ব্লক’ক এন ডি এৰ মিত্ৰ হিচাপে স্বীকৃতি দিবলৈ দাবী জনায়। কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক কে চি বেণুগোপালে মঙলবাৰে ছোনিয়া-মমতা বৈঠকৰ পূৰ্বে বিজেপিক লক্ষ্য কৰি কয় যে মহাৰাষ্ট্ৰৰ দৰে পশ্চিমবংগতো বিজেপিয়ে দলীয় বিভাজনৰ খেল আৰম্ভ কৰিছে।










