
উত্তৰ প্রদেশৰ হামিৰপুৰত ধুমুহাৰ তাণ্ডৱত ভাঙি পৰিল নির্মীয়মাণ দলং (Up Storm)। এই ঘটনাত ধ্বংসস্তূপৰ তলত পৰি ৬ শ্রমিকৰ মৃত্যু হোৱা বুলি স্থানীয় সূত্রই জনাইছে। আনহাতে, আবদ্ধ হৈ পৰে কেইবাজনো শ্রমিক। তেওঁলোকক উদ্ধাৰৰ কাম চলি আছে। ফলত নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশঙ্কা কৰা হৈছে।

জানিব পৰা মতে, বেতোৱা নদীৰ ওপৰত দলংখন নির্মাণৰ কাম চলি আছিল। বৃহস্পতিবাৰে মাজনিশা হঠাতে প্রবল ধুমুহা আৰম্ভ হয়। প্ৰবল ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ ফলত দলংখনৰ এটা অংশ ভাঙি পৰে। ফলত তাৰ তলত আবদ্ধ হৈ পৰে কেইবাজনো শ্রমিক।
স্থানীয় বাসিন্দাসকলে প্ৰথমে উদ্ধাৰ কাৰ্য আৰম্ভ কৰিলেও ধ্বংসস্তূপ আঁতৰাবলৈ সক্ষম নহ’ল। ইফালে ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয়। জিলা প্রশাসনৰ বিষয়াসকলো ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ বাবে এছ ডি আৰ এফক নিয়োগ কৰা হয়।
হামিৰপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অৰবিন্দ কুমাৰ বর্মাই কয়, ‘‘নিশা ২ টামান বজাত এই দুর্ঘটনাটো সংঘটিত হয়। দলঙৰ এখন স্ল্যাব ভাঙি পৰে। তলত কেইবাজনো শ্ৰমিক আবদ্ধ হয়। ছটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। পাঁচজনকচিনাক্ত কৰা হৈছে। তিনিজন শ্রমিক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। তেওঁলোকৰ উদ্ধাৰৰ কাম চলি আছে।’’
এই ঘটনাত মুখ্যমন্ত্রী যোগী আদিত্যনাথে দুখ প্ৰকাশ কৰিছে। তেওঁ জিলা প্রশাসনক প্রয়োজনীয় সকলো ধৰণৰ পদক্ষেপ গ্ৰহণৰ নির্দেশ দিছে। আহতসকলৰ চিকিৎসাৰ সু-ব্যৱস্থা কৰিবলৈও নির্দেশ দিয়া হৈছে।










