
বৰ্তমান আমেৰিকা আৰু ইৰাণৰ (US and Iran) মাজত শান্তি চুক্তিৰ (Peace treaty) আশা নাই। ইয়াৰ বিপৰীতে ইৰাণে উল্লেখ কৰিছে যে এটা চৰ্ত পূৰণ নোহোৱালৈকে তেওঁলোকে আমেৰিকাৰ সৈতে আলোচনাৰ মেজত বহিব নোৱাৰিব। তেহৰানে কয় যে যুদ্ধ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ পূৰ্বচৰ্ত হিচাপে আমেৰিকাই আশ্বাস দিছিল যে ইৰাণৰ জব্দ কৰা সকলো সম্পত্তি ঘূৰাই দিয়া হ’ব। কিন্তু ড’নাল্ড ট্ৰাম্পে নিজৰ কথা পালন নকৰিলে বুলি অভিযোগ উঠিছে। গতিকে আমেৰিকাৰ আশ্বাস কাৰ্যকৰী নোহোৱালৈকে ইৰাণে শান্তি চুক্তিত সন্মতি নিদিয়ে। অৱশ্যে হৰমুজ প্ৰণালীত আমেৰিকাৰ অৱৰোধ উঠাই লোৱাৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত একমতত উপনীত হৈছেনে নাই সেয়া স্পষ্ট হোৱা নাই।

ইৰাণৰ অৰ্ধ চৰকাৰী সংবাদ সংস্থা ‘তাছনিম’ৰ এক প্ৰতিবেদন অনুসৰি, যদিহে আমেৰিকাই শান্তি চুক্তিৰ প্ৰথম পৰ্যায়ত জব্দ কৰা সম্পত্তি ঘূৰাই নিদিয়ে তেন্তে তেহৰানে চূড়ান্ত চুক্তিৰ পথত আগবাঢ়িব নোৱাৰিব। প্ৰতিবেদনত কোৱা হৈছে যে আমেৰিকাৰ “বাৰম্বাৰ সলনি হোৱা স্থিতি”ক লৈ ইৰাণ অসন্তুষ্ট। সেয়েহে তেহৰানে পাকিস্তান আৰু অন্যান্য মধ্যস্থতাকাৰী দেশসমূহক জনাইছে যে সেই চৰ্তসমূহ পূৰণ নহ’লে তেওঁলোকৰ মাজত কোনো বুজাবুজিত উপনীত নহ’ব।
দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে ইৰাণৰ সৈতে চুক্তিত লৰালৰি কৰাৰ প্ৰয়োজন নাই। শনিবাৰে (স্থানীয় সময়) তেওঁ দাবী কৰে যে চুক্তিখন প্ৰায় চূড়ান্ত হৈছে। মাত্ৰ ঘোষণাৰ বাবে অপেক্ষাত আছে। সেই মন্তব্যৰ ২৪ ঘণ্টা নৌহওঁতেই তেওঁ আলোচনাৰ দায়িত্বত থকা আমেৰিকাৰ প্ৰতিনিধি দলটোক খৰখেদা নকৰিবলৈ নিৰ্দেশ দিয়ে।












