জিলা উপায়ুক্ত, আৰক্ষী বিষয়াৰ চহী জাল কৰি প্ৰস্তুত কৰা ভূৱা নথিৰে নিৰাপত্তা বাহিনীত যোগদান, আৰক্ষীৰ অভিযানত আটক দুজন
পশ্চিম কাৰ্বি আংলংঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত জিলা উপায়ুক্তৰ চীল-চহী জাল কৰি প্ৰস্তুত কৰা ভূৱা নথিৰে উত্তৰ প্ৰদেশৰ এজন যুৱকে নিজকে পশ্চিম কাৰ্বি আংলঙৰ বাসিন্দা হিচাপে দেখুওৱাই ‘ইণ্ডো তিব্বত বৰ্ডাৰ পুলিচ’ত নিযুক্তি লাভ কৰা ঘটনাই জিলাখনত খলকনি তুলিছে।
https://youtu.be/Zrcnx8nvd_M
হামৰেণ আৰক্ষী থানাৰ বিষয়া চিৰাজ ইংতিৰ ঘটনাৰ সম্পৰ্কত মন্তব্য
নিযুক্তিৰ পিছত ৰাকেশ কুমাৰ যাদৱ নামৰ যুৱকজনৰ নথি-পত্ৰৰ ভেৰিফিকেশ্যনৰ বাবে ITBP ৰ মুখ্য কাৰ্যালয়ৰ পৰা পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ পঠিওয়াৰ পিছতেই যুৱকজনক উপায়ুক্তই প্ৰদান কৰা জিলাখনৰ অন্তৰ্গত খেৰণীৰ স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰৰ লগতে খেৰণী আৰক্ষী থানাৰ পৰা প্ৰদান কৰা ‘কেৰেক্টাৰ চাৰ্টিফিকেট’ খনো জালিয়াতিৰে প্ৰস্তুত কৰা বুলি উপায়ুক্ত কাৰ্যালয় নিশ্চিত হয়।
আটক হোৱা দুই অভিযুক্ত
স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰত থকা উপায়ুক্তৰ চহী-চীল আদিৰ লগতে আৰক্ষীয়ে প্ৰদান কৰা নথিখনৰো চীল-চহী জাল বুলি প্ৰমাণ হয়। ইয়াৰ পিছতেই এগৰাকী অতিৰিক্ত দণ্ডাধীশে হামৰেণ আৰক্ষী থানাত সমগ্ৰ ঘটনা অবগত কৰি এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি এই জাল নথি প্ৰস্তুত কৰা চক্ৰটোৰ লগত জড়িত জিতেন্দ্ৰ চৌহান আৰু দিপক ৰাম নামৰ দুজন যুৱকজনক খেৰণী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে। ঘটনাটোৰ লগত জড়িত কেইবাজনো পলাতক অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।