
পহেলগাম সন্ত্ৰাসবাদী (Pehelgam Attack) আক্ৰমণৰ বৰ্ষপূৰ্তিত পাকিস্তানে আন এক পদক্ষেপ গ্ৰহণ কৰিছে। এইবাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ চৰকাৰে ভাৰতৰ বাবে আকাশমাৰ্গৰ নিষেধাজ্ঞা আৰু এমাহৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।

পাকিস্তান বিমানবন্দৰ কৰ্তৃপক্ষৰ এক বিবৃতি অনুসৰি, পাকিস্তানৰ সংবাদ মাধ্যম দ্য ডনে কয় যে নতুন সিদ্ধান্ত অনুসৰি এই নিষেধাজ্ঞা ২৪ মে’লৈকে বলৱৎ থাকিব।
ফলত পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এবছৰতকৈও অধিক সময় ধৰি বিমান পৰিবহণৰ অচলাৱস্থা আৰু এমাহ বৃদ্ধি কৰা হৈছে। ২০২৫ চনৰ ২২ এপ্ৰিলত পহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দুয়োখন দেশে প্ৰত্যেকৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছিল।
পাকিস্তানৰ পূৰ্বৰ অধিসূচনা অনুসৰি ভাৰতৰ বাবে নিষেধাজ্ঞা ২৩ জানুৱাৰীলৈকে বলৱৎ আছিল। ফেব্ৰুৱাৰী মাহত এই সময়সীমা বৃদ্ধি কৰা হৈছিল। মঙলবাৰে পিএএয়ে দেশখনৰ বিমানচালকসকলক জাননী জাৰি কৰি এই সময়সীমা অধিক বৃদ্ধি কৰে।
‘এ নোটিচ টু এয়াৰমেন’ (NOTAM) শীৰ্ষক জাননীখনত উল্লেখ কৰা হৈছে যে ২০২৬ চনৰ ২৪ মে’ৰ পুৱা ৫ বজালৈকে সকলো ভাৰতীয় পঞ্জীয়নভুক্ত, চুক্তিবদ্ধ, বাণিজ্যিক আৰু সামৰিক বিমান পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।










