
নিৰ্বাচনী উত্তাপত ক্ৰমাৎ লেকামহীন হৈ পৰিছে ৰাজনৈতিক নেতাৰ ভাষা (Language of a political leader)। এইবাৰ উক্ত তালিকাত যোগ হৈছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে (Mallikarjun Kharge)। মল্লিকাৰ্জুন খাৰ্গেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক (Modi) ‘সন্ত্রাসবাদী’ বুলি অভিহিত (Labelled as ‘terrorist’) কৰে৷ তামিলনাডুত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ দেশৰ প্ৰধানমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লয়। খাৰ্গেয়ে তামিলনাডু বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএৰ সৈতে মিত্ৰতা কৰা সন্দৰ্ভত এআইএডিএমকেক তীব্ৰ সমালোচনা কৰে। খাৰ্গেৰ এই মন্তব্যক লৈ বিজেপিয়েও ততালিকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কংগ্ৰেছৰ সভাপতি তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পৰা ক্ষমা বিচাৰিছে গেৰুৱা দলটোৱে। প্ৰধানমন্ত্ৰী মোদীক ‘সন্ত্রাসবাদী’ আখ্যা দি কংগ্ৰেছে প্রকৃততে ১৪০ কোটি ভাৰতীয়ক ‘অপমান’ কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে৷

উল্লেখ্য যে তামিলনাডুত ডি এম কেৰ সৈতে মিত্ৰতাত আছে কংগ্ৰেছ। মঙলবাৰে চেন্নাইত প্ৰচাৰ চলায় মল্লিকাৰ্জুন খাৰ্গেয়ে। মঞ্চত খাৰ্গেয়ে প্ৰশ্ন উত্থাপন কৰে যে মোদীৰ সৈতে কেনেকৈ এআইএডিএমকেয়ে হাত মিলাব পাৰে? তেওঁ এজন ‘সন্ত্রাসবাদী’ আৰু তেওঁৰ দলটোৱে সমতা আৰু ন্যায়ত বিশ্বাস নকৰে। খাৰ্গেয়ে কয়, “তেওঁলোকে (এআইএডিএমকে) মোদীৰ সৈতে কেনেকৈ হাত মিলাব পাৰে? তেওঁ এজন সন্ত্ৰাসবাদী। তেওঁ সমতাত বিশ্বাস নকৰে। তেওঁৰ দলে সমতা আৰু ন্যায়ত বিশ্বাস নকৰে। আৰু এই লোকসকলে (এআইএডিএমকে) তেওঁলোকৰ সৈতে যোগদান কৰিছে। ইয়াৰ অৰ্থ হ’ল তেওঁলোকে (এআইএডিএমকে) গণতন্ত্ৰ দুৰ্বল কৰি তুলিছে।”
২৩ এপ্ৰিলত তামিলনাডুত নিৰ্বাচন। প্ৰচাৰৰ অন্তিম পৰ্যায়ত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কোনো ধৰণৰ লুকঢাক নোহোৱাকৈ এআইএডিএমকে-বিজেপিৰ মিত্ৰতাৰ বিৰুদ্ধে মুখ খোলে। ইফালে মোদীক ‘সন্ত্রাসবাদী’ বুলি কোৱাৰ ক্ষেত্ৰত বিজেপিয়ে আক্ৰমণৰ চোক বৃদ্ধি কৰাৰ লগে লগে খাৰ্গেয়ে এই কথা বুজাই দিয়ে, “তেওঁ (প্ৰধানমন্ত্ৰী মোদীয়ে) মানুহ আৰু ৰাজনৈতিক দলক আতংকিত কৰি আছে। মই কেতিয়াও কোৱা নাছিলোঁ যে তেওঁ এজন সন্ত্ৰাসবাদী… মই আচলতে কি বুজাব বিচাৰিছিলোঁ সেয়া স্পষ্ট কৰিব বিচাৰিছোঁ। অৰ্থাৎ মোদীয়ে সদায় ভাবুকি দি থাকে। ইডি, আয়কৰ বিভাগ, চিবিআইৰ দৰে প্ৰতিষ্ঠান এতিয়া তেওঁৰ হাতত। সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ বিষয়টোও তেওঁ নিয়ন্ত্ৰণ ল’ব বিচাৰে। ঠিক সেইবাবেই মই কৈছিলোঁ যে তেওঁ মানুহ আৰু ৰাজনৈতিক দলবোৰত সন্ত্ৰাস চলাইছে। মই কেতিয়াও তেওঁক সন্ত্ৰাসবাদী বুলি কোৱা নাছিলোঁ।”











