
ঘোষণা কৰা হৈছে সৰ্বভাৰতীয় যুটীয়া প্ৰৱেশ পৰীক্ষা চমুকৈ জেইই মূল পৰীক্ষাৰ ফলাফল (JEE Mains results)। সোমবাৰে বিয়লি মূল পৰ্যায়ৰ পৰীক্ষাৰ উত্তৰ মুকলি কৰাৰ পিছত সন্ধিয়া ঘোষণা কৰা হয় চূড়ান্ত ফলাফল। ২ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ জেইই মূল পৰীক্ষা ৰাষ্ট্ৰীয় পৰীক্ষা নিয়ন্ত্ৰণ কৰ্তৃপক্ষই ৩০৪ খন চহৰত ৫৬৬টা পৰীক্ষা কেন্দ্ৰত আয়োজন কৰে। ১৪ খন বহিঃৰাষ্ট্ৰৰ চহৰতো অনুষ্ঠিত হয় এই পৰীক্ষা। চিবিটিৰ জৰিয়তে অনুষ্ঠিত হৈছিল এই পৰীক্ষা। ১১ লাখৰো অধিক পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হয়। পৰীক্ষা শেষ হোৱাৰ ১২ দিনৰ পিছত ঘোষণা কৰা হয় চূড়ান্ত ফলাফল। পৰীক্ষাৰ বাবে নিৰ্ধাৰিত ৱেবছাইটত চূড়ান্ত ফলাফল প্ৰকাশৰ সমান্তৰালকৈ পৰীক্ষাৰ্থীৰ মাৰ্কশ্বীট প্ৰকাশ কৰা হ’ব। তেওঁলোকৰ কাট অব মাৰ্ক আৰু সৰ্বভাৰতীয় ৰেংকৰ (এআইআৰ)ৰ কথাও উল্লেখ কৰা হ’ব।

ফলাফল কেনেকৈ পৰীক্ষা কৰিব?
১) প্ৰাৰ্থীসকলে প্ৰথমে নিৰ্দিষ্ট ৱেবছাইট jeemain.nta.nic.in লৈ যাব লাগিব।
২) ইয়াৰ পিছত তেওঁলোকে হোমপেজৰ পৰা ‘JEE Main Session 2 Result’ বুলি লিখা লিংকটোত ক্লিক কৰিব লাগিব।
৩) উক্ত লিংকটোত ক্লিক কৰিলে ফলাফল স্ক্ৰীণত প্ৰদৰ্শিত হব।
৪) পৰীক্ষাৰ্থীয়ে ফলাফল ডাউনলোড কৰি প্ৰিণ্ট কৰি নিজৰ লগত ৰাখিব পাৰিব।
উল্লেখ্য যে দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰতিবছৰে ৰাষ্ট্ৰীয় পৰীক্ষা নিয়ন্ত্ৰণ কৰ্তৃপক্ষই যুটীয়া প্ৰৱেশ পৰীক্ষাৰ (JEE) আয়োজন কৰে। পৰীক্ষাত প্ৰথম প্ৰশ্নকাকত BE আৰু BTech আৰু দ্বিতীয় BPL ৰ প্ৰৱেশ CBT বা কম্পিউটাৰৰ জৰিয়তে হয়। কিন্তু দ্বিতীয়খন গৱেষণা-পত্ৰ BARCৰ ক্ষেত্ৰত যিহেতু মূল্যায়ন ভিত্তিক প্ৰশ্ন আছে, গতিকে উত্তৰবোৰৰ উত্তৰ ‘কলম আৰু কাগজ’ ব্যৱহাৰ কৰি দিব লাগে। এই পৰীক্ষা দুটা পৰ্যায়ত আয়োজন কৰা হয়।










