
যদি হৰমুজ প্ৰণালী ৪৮ ঘণ্টাৰ ভিতৰত মুকলি কৰা নহয় তেন্তে আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণৰ শক্তি প্ৰকল্প ধ্বংস কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তেহৰাণলৈ কঠোৰ সতৰ্কবাণী জাৰি কৰিছে।

তেওঁৰ ভাবুকিৰ পিছত বিভিন্ন জল্পনা কল্পনা আৰম্ভ হৈছে। ট্ৰাম্পে সামাজিক মাধ্যম ট্ৰুথ ছ’চিয়েলত কয়, “যদি ইৰাণে ৪৮ ঘণ্টাৰ ভিতৰত হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে মুকলি নকৰে, আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াৰ শক্তি প্ৰকল্পবোৰ আক্ৰমণ কৰি ধ্বংস কৰিব।
আক্ৰমণ আটাইতকৈ ডাঙৰ কেন্দ্ৰৰ পৰা আৰম্ভ হ’ব।” অৱশ্যে, তেহৰাণে এতিয়ালৈকে আমেৰিকাৰ ভাবুকিৰ বিষয়ে মাত মতা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে ২৮ ফেব্ৰুৱাৰীৰ পৰা ইৰাণৰ সৈতে যুদ্ধ কৰি আছে।
ইৰাণৰ নতুন সৰ্বোচ্চ নেতা মোজতাবা খামেনেইয়ে স্পষ্ট কৰি দিছে যে তেহৰাণে হৰমুজ প্ৰণালী অৱৰোধ কৰি বিশ্বৰ ওপৰত চাপ অব্যাহত ৰাখিব। ইয়াৰ ফলত সমগ্ৰ বিশ্বলৈ তেল আৰু গেছৰ যোগান সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। অৱশ্যে এনে ভাবুকি স্বত্বেও ইৰাণে ভাৰতক পৃথক ‘ক্লিয়াৰেন্স’ দিছে। দেওবাৰে ২৩ দিনত যুদ্ধনই প্ৰৱেশ কৰে। যদিও এই যুদ্ধত ইৰাণ পৰাজিত হৈছে, প্ৰতিশোধৰ দ্বাৰা আমেৰিকাৰ লোকচান হ্ৰাস হোৱা নাছিল।
মধ্যপ্ৰাচ্যত থকা কেইবাটাও আমেৰিকান ঘাটি ইৰাণৰ আক্ৰমণত ধ্বংস হৈছে। যোৱা ২০ দিনৰ যুদ্ধত আমেৰিকাৰ তিনিখন এফ-৩৫ আৰু ছখন কেচি টেংকাৰ ধ্বংস কৰা হৈছে। ইৰাণে ইজৰাইলৰ হাইফা তেল শোধনাগাৰ ধ্বংস কৰাৰ লগতে সমগ্ৰ মধ্যপ্ৰাচ্যত সিঁচৰতি হৈ থকা কেইবাটাও তেল আৰু গেছৰ ভাণ্ডাৰ ধ্বংস কৰিছে।
হৰমুজ প্ৰণালী প্ৰায় বন্ধ হোৱাৰ পিছত বিশ্বজুৰি তেলৰ মূল্য প্ৰতি বেৰেলত ১০০ ডলাৰ অতিক্ৰম কৰিছে। এই পৰিস্থিতিত, আমেৰিকা যুক্তৰাষ্ট্ৰই হৰমুজক মুক্ত কৰিবলৈ সকলো শক্তিৰে জঁপিয়াই পৰিছে। ইফালে, ট্ৰাম্পে ইৰাণক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে।











