
ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণে পশ্চিম এছিয়াত যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ফলত অঞ্চলটোত কৰ্মৰত লাখ লাখ ভাৰতীয় নাগৰিকৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

তেহৰানে হৰমুজ প্ৰণালী অৱৰোধ কৰাৰ বাবে তেল আৰু গেছ পৰিবহণ ব্যাহত হৈ পৰিছে। অনিশ্চয়তাৰ পৰিবেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াকে ধৰি বিভিন্ন দেশৰ শীৰ্ষ নেতৃত্বৰ সৈতে অহৰহ আলোচনাত মিলিত হৈ আছে।
এইবাৰ তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিম আৰু ওমানৰ চুলতান হাইথাম বিন তাৰিকৰ সৈতে ফোনযোগে কথা পাতে। ফেব্ৰুৱাৰী মাহত ভাৰত ভ্ৰমণৰ সময়ত মেক্ৰনে মোদীৰ সৈতে দীৰ্ঘদিনীয়া বৈঠকত মিলিত হৈছিল।
বৃহস্পতিবাৰে তেওঁৰ সৈতে কথা পতাৰ পাছত মোদীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, “মই মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে পশ্চিম এছিয়াৰ পৰিস্থিতি আৰু উত্তেজনা হ্ৰাস কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহৰ বিষয়ে কথা পাতিলোঁ, অঞ্চলটোত আৰু ইয়াৰ বাহিৰত শান্তি আৰু স্থিতিশীলতা আগুৱাই নিয়াৰ বাবে আমি ঘনিষ্ঠ সমন্বয় অব্যাহত ৰখাৰ বাবে আগ্ৰহী।” একেদৰে ছ’চিয়েল মিডিয়াত এছিয়াৰ দুয়োগৰাকী নেতাৰ সৈতে হোৱা বাৰ্তালাপৰ ওপৰতো মোদীয়ে আলোকপাত কৰে।
মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনা সন্দৰ্ভত মোদীয়ে লিখিছে, “মোৰ বন্ধু মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ সৈতে কথা পাতি তেওঁ আৰু মালয়েছিয়াৰ জনসাধাৰণক আগন্তুক ঈদ-উল-ফিটৰ উৎসৱ উপলক্ষে তেওঁক উষ্ম শুভেচ্ছা জনালোঁ। আমি পশ্চিম এছিয়াৰ গভীৰ উদ্বেগজনক পৰিস্থিতিৰ বিষয়েও আলোচনা কৰো আৰু আলোচনা আৰু কূটনীতিৰ জৰিয়তে উত্তেজনা হ্ৰাস আৰু শান্তি আৰু স্থিতিশীলতা ক্ষিপ্ৰতাৰে পুনৰুদ্ধাৰ কৰাৰ বাবে আমাৰ যৌথ অঙ্গীকাৰ পুনৰ ব্যক্ত কৰিলোঁ।”
যুদ্ধৰ ২০ নম্বৰ দিনত ইৰাণৰ লক্ষ্যৰ সন্মুখীন হোৱা ওমানৰ চুলতানৰ সৈতে হোৱা আলোচনা সন্দৰ্ভত মোদীয়ে লিখিছে, ”মোৰ ভাই চুলতান হাইথাম বিন তাৰিকৰ সৈতে ফলপ্ৰসূ আলোচনা কৰিছো আৰু আগতীয়াকৈ ঈদ উপলক্ষে ওমানবাসীলৈ শুভেচ্ছা জনাইছো।”
ইয়াৰ কিছু সময়ৰ পিছতে ইৰাণৰ নাম উল্লেখ নকৰাকৈয়ে মোদীয়ে কয়, ”ভাৰতে পুনৰবাৰ ওমানৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতা উলংঘাক গৰিহণা দিছে আৰু ভাৰতীয় নাগৰিককে ধৰি হাজাৰ হাজাৰ লোকৰ নিৰাপদে উভতি অহাটো নিশ্চিত কৰাৰ বাবে ওমানে কৰা প্ৰচেষ্টাৰ শলাগ লৈছে।”










