
এটিএমৰ পৰা ১০ হাজাৰ টকা উলিয়াবলৈ গৈছিল এজন যুৱকে। কিন্তু ৩ লাখ টকা পালে। কেনেকৈ? জানিব পৰা মতে, এই ঘটনা ২০১৭ চনৰ। চুৰাটৰ এজন যুৱকে চৰকাৰী বেংকৰ এটিএমৰ পৰা ১০ হাজাৰ টকা উলিয়াবলৈ গৈছিল।

এটিএম কাৰ্ডখন সুমুৱাই পিনটো মাৰে। কিন্তু যান্ত্ৰিক সমস্যাৰ বাবে এটিএমৰ পৰা ধন ওলোৱা নাছিল। আনকি ৰচিদো দিয়া নাছিল। ফলত টকা নোপোৱাকৈ ঘৰলৈ উভতি আহে।
কিন্তু কিছু মুহূৰ্তৰ ভিতৰতে তেওঁৰ মোবাইলত এটা মেছেজ আহে যে তেওঁৰ একাউণ্টৰ পৰা ১০ হাজাৰ টকা উলিওৱা হৈছে। এই মেছেজ পোৱাৰ পিছত যুৱকজন হতভম্ব হৈ পৰে। এই ঘটনাৰ পিছত যুৱকজনে সংশ্লিষ্ট বেংকত লিখিত অভিযোগ দাখিল কৰে। ইয়াৰ বাহিৰেও তেওঁ কেইবাবাৰো ইমেইল কৰি এই ঘটনাৰ বিষয়ে অৱগত কৰা বুলি দাবী কৰা হৈছে।
অভিযোগ কৰা হৈছে যে তেওঁ সংশ্লিষ্ট বেংকৰ পৰা কোনো ভাল সঁহাৰি নাপালে। ইয়াৰ পিছতে বেংক কৰ্তৃপক্ষক এটিএমৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰিবলৈও অনুৰোধ জনায়। ইয়াৰ পিছত কোনো সমাধান নোহোৱাত অৱশেষত তেওঁ কনজিউমাৰ প্ৰটেকচন ডিপাৰ্টমেণ্টৰ (কনজিউমাৰ ফ’ৰাম) কাষ চাপে।
৯ বছৰ ধৰি চলি থকা আইনী যুঁজৰ অন্তত অৱশেষত যুৱকজনে গোচৰটোত জয়লাভ কৰে। জানিব পৰা মতে, যুৱকজনৰ আন এটা চৰকাৰী বেংকত একাউণ্ট আছে। কিন্তু যি এটিএম কিয়স্কৰ পৰা তেওঁ ধন উলিয়াইছিল সেয়া আন এটা চৰকাৰী বেংকৰ। যি বেংকত যুৱকজনৰ একাউণ্ট আছে, সেই বেংকে দাবী কৰে যে তেওঁলোকৰ কোনো দোষ নাই।
যাৰ এটিএম সেইটো বেংকৰ দোষ। তদুপৰি ই ‘লেনদেন সফল’ দেখুৱাইছিল। গতিকে সেয়া তেওঁলোকৰ দায়িত্ব নহয়। কিন্তু গ্ৰাহক সুৰক্ষা আদালতে বেংকৰ সকলো যুক্তি নাকচ কৰে। ইয়াৰ পিছতে যুৱকজনক বছৰি ৯ শতাংশ হাৰত সুতৰ লগতে মূল ধনৰাশি প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।
ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি এনে লেনদেনত যদি কোনো সমস্যা হয় তেন্তে পাঁচ দিনৰ ভিতৰত সমাধান কৰিব লাগে। এনে ক্ষেত্ৰত উক্ত পাঁচ দিনৰ পিছত প্ৰতিদিনে ব্যক্তিজনক অতিৰিক্ত ১০০ টকা দিবলৈ নিৰ্দেশ দিয়া হয়। ৩২৮৮ দিনৰ অন্তত বেংকে ঘূৰাই দিয়ে এই ধন।
আদালতে নিৰ্ধাৰণ কৰা চৰ্ত অনুসৰি চলিত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীলৈকে এই ধনৰ পৰিমাণ আছিল ৩,২৮,৮০০ টকা। তদুপৰি, যুৱকজনক মানসিক হাৰাশাস্তিৰ বাবে অতিৰিক্ত ৩ হাজাৰ টকা আৰু আইনী খৰচৰ বাবে আৰু দুহেজাৰ টকা দিবলৈ বেংকক নিৰ্দেশ দিয়া হয়।











