
এইচ ডি এফ চি বেংকৰ (HDFC Bank) অংশকালীন অধ্যক্ষ অতনু চক্ৰৱৰ্তীৰ পদত্যাগ। তেওঁৰ হঠাৎ পদত্যাগৰ বাবে ইতিমধ্যে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। পদত্যাগ-পত্ৰত অতনুৱে কয় যে তেওঁ কোম্পানীটোৰ বহু সিদ্ধান্ত ‘নীতি’ৰ ভিত্তিত মানি ল’ব পৰা নাই। নৈতিক ‘সংঘাত’ৰ বাবেই তেওঁ পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে।

অতনুৰ পদত্যাগৰ পিছত ভাৰতীয় ৰিজাৰ্ভ বেংকে কেকি মিস্ত্ৰীক অন্তৱৰ্তীকালীন অংশকালীন অধ্যক্ষ হিচাপে নিযুক্তি দিবলৈ অনুমোদন জনাইছে। ১৯ মাৰ্চৰ পৰা তিনিমাহৰ বাবে তেওঁ এই পদত অধিষ্ঠিত হ’ব। মিস্ত্ৰীয়ে ইয়াৰ পূৰ্বে এইচ ডি এফ চি লিমিটেডৰ ভাইচ চেয়াৰমেন আছিল।
বৃহস্পতিবাৰে অন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰি তেওঁ বিনিয়োগকাৰী আৰু গ্ৰাহকসকলক আশ্বস্ত কৰে যে তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰাটোৱেই হৈছে বেংকৰ মূল উদ্দেশ্য। গ্ৰাহক আৰু বিনিয়োগকাৰীৰ পৰা যি আস্থা লাভ কৰিছে সেয়া বজাই ৰখাটোও তেওঁলোকৰ দায়িত্ব।
অতনুৰ হঠাৎ পদত্যাগক লৈ বিভিন্ন মহলত তীব্ৰ চৰ্চা চলি থকাৰ সময়তে বৃহস্পতিবাৰে তেওঁ পদত্যাগ সন্দৰ্ভত মুকলিকৈ কয়। অৱশ্যে এইচ ডি এফ চিৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে দাবী কৰে যে এয়া এক ৰুটিন বিষয়। তেওঁ কয়, “এই বিষয়ে আৰু আলোচনা কৰাৰ প্ৰয়োজন নাই, এইটো এটা ৰুটিন বিষয়।”
সেই অনুসৰি ১৭ মাৰ্চত অতনু চক্ৰৱৰ্তীয়ে এইচ ডি এফ চি বেংক কৰ্তৃপক্ষলৈ পদত্যাগ-পত্ৰ প্ৰেৰণ কৰে।
পত্ৰত উল্লেখ কৰা কাৰণৰ বাহিৰে আন কোনো কাৰণ নাই বুলি বেংকে অৱগত কৰিছে। পত্ৰখনত অতনুৱে উল্লেখ কৰিছে যে বিগত দুবছৰ ধৰি বেংকত এনে কিছুমান ঘটনা আৰু কাৰ্যকলাপ ঘটিছে, যিবোৰ বেংকৰ নীতিৰ লগত মিল নাই। আৰু সেইবাবেই তেওঁ পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। পত্ৰখনত তেওঁ লগতে উল্লেখ কৰিছে যে এই কাৰণৰ বাহিৰেও তেওঁৰ পদত্যাগৰ আঁৰত আন কোনো ডাঙৰ কাৰণ নাই।
তেওঁ লগতে কোম্পানীটোৰ সকলো সহকৰ্মীক কৃতজ্ঞতা জ্ঞাপন কৰি লিখিছে, “ব’ৰ্ডৰ সকলো সদস্যলৈ মোৰ আন্তৰিক কৃতজ্ঞতা। তেওঁলোকে মোক যিদৰে সহায় কৰি আহিছে তাৰ বাবে মই তেওঁলোকৰ প্ৰতি কৃতজ্ঞ। এই কোম্পানীটোৱে আৰু আগবাঢ়ি যোৱাটো কামনা কৰিছোঁ।”
উল্লেখ্য যে ২০২১ চনত অতনুৱে এইচ ডি এফ চিৰ ব’ৰ্ডত যোগদান কৰে।
তেতিয়াৰে পৰা তেওঁ অংশকালীন অধ্যক্ষ আৰু স্বতন্ত্ৰ সঞ্চালক হিচাপে কাম কৰি আহিছে। তেওঁৰ কাৰ্যকালত এইচ ডি এফ চিক কেইবাটাও বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে একত্ৰীকৰণৰ বাবে বেংকৰ বিত্তীয় স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিছে। বৰ্তমান ই দেশৰ সৰ্ববৃহৎ ব্যক্তিগত বেংক। অতনু গুজৰাট কেডাৰৰ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া।
কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদতো কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০১৯-২০ বিত্তীয় বৰ্ষত তেওঁ বিত্ত মন্ত্ৰালয়ৰ (অৰ্থনৈতিক পৰিক্ৰমা বিভাগ) সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰি তেওঁ বিত্ত মন্ত্ৰালয়ৰ যুটীয়া সচিবো (ব্যয় বিভাগ) আছিল।











