
পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ (West Asia conflict) মাজতে ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গোৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে সাক্ষাৎ কৰে।

দিল্লীত অনুষ্ঠিত বৈঠকৰ কথা ঘোষণা কৰি গোৰে বুধবাৰে ছ’চিয়েল মিডিয়াত লিখিছে, “ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে মই এক অতি গঠনমূলক বৈঠকৰ সামৰণি মাৰিলোঁ। নিৰাপত্তা আৰু ভূ-ৰাজনৈতিক বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। আমেৰিকা আৰু ভাৰতৰ মাজত কৌশলগত সহযোগিতাৰ সম্প্ৰসাৰণ অব্যাহত আছে।”
নতুন দিল্লী আৰু ৱাশ্বিংটনে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰ্যায়ত নিয়মীয়া যোগাযোগ অব্যাহত ৰাখিছে। লগতে বাণিজ্য আৰু অৰ্থনৈতিক আলোচনাও অব্যাহত ৰাখিছে বুলি নতুন দিল্লীত থকা আমেৰিকাৰ দূতাবাসে প্ৰকাশ কৰিছে।
উল্লেখ্য যে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই ১২ মাৰ্চত দমদম বিমানবন্দৰৰ পৰা আমেৰিকাৰ ‘ভাড়াতীয়া সৈনিক’ মেথিউ ভ্যান ডাইকক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ উপৰি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ বিমানবন্দৰৰ পৰা তিনিজন আৰু দিল্লী বিমানবন্দৰৰ পৰা তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে।
এন আই এৰ সূত্ৰ অনুসৰি, এই ছয়জন ইউক্ৰেইনৰ নাগৰিক আৰু মেথিউৰ সহযোগী।
একাংশ বাতৰিত তেওঁলোক সন্ত্ৰাসবাদী প্ৰশিক্ষণ চক্ৰৰ সৈতে জড়িত বুলিও দাবী কৰা হৈছে। আমেৰিকাৰ নাগৰিক মেথিউৱে ২০১১ চনত লিবিয়াৰ গৃহযুদ্ধৰ সময়ত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় চৰ্চা লাভ কৰিছিল। তাত থকা বিদ্ৰোহীসকলৰ সৈতে যুঁজত যোগদান কৰিছিল আৰু কাৰাগাৰত সোমাইছিল।
লিবিয়াৰ পিছত তেওঁ ‘ছনছ অব লিবাৰ্টি ইণ্টাৰনেশ্যনেল’ নামৰ এটা সংগঠন প্ৰতিষ্ঠা কৰে, যাক SOLI বুলিও কোৱা হয়। এই সংস্থাটোৱে বিশ্বৰ সংঘৰ্ষ অঞ্চলত থকা স্থানীয় সশস্ত্ৰ গোটসমূহক সামৰিক প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰেক্ষাপটত ডোভালৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ বৈঠকক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।
উল্লেখ্য যে এই বৈঠক এনে এটা সময়ত সংঘটিত হৈছে যেতিয়া ৱাশ্বিংটন আৰু নতুন দিল্লীয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সহযোগিতা, যোগান শৃংখলৰ স্থিতিস্থাপকতা, সন্ত্ৰাসবাদ বিৰোধী প্ৰচেষ্টা আৰু প্ৰযুক্তি নীতিৰ ওপৰত আলোচনা অব্যাহত ৰাখিছে।










