
আকাশমাৰ্গৰ নিষেধাজ্ঞায়ো বাধাৰ সৃষ্টি কৰিব নোৱাৰিলে। পাঁচখন বিশেষ বিমানেৰে ডোহাৰ পৰা ঘৰলৈ উভতি আহিছে কমেও ১৬০০ ভাৰতীয় (Iran War)। কাটাৰ এয়াৰৱেজৰ বিশেষ বিমানেৰে ঘৰলৈ উভতি অহাৰ এই কাৰ্যকলাপ মঙলবাৰে চকুত পৰে। এই খবৰ কাটাৰত থকা ভাৰতীয় দূতাবাসে জনাইছে। দূতাবাসে জনোৱা মতে, মঙলবাৰে ভাৰতলৈ যোৱা পাঁচখন বিমানৰ ভিতৰত দুখন বিমান দিল্লীৰ। বাকী তিনিখন মুম্বাই, কোচি আৰু তিৰুৱনন্তপুৰমলৈ গৈ আছে।

বৰ্তমান কাটাৰৰ আকাশমাৰ্গ কাৰ্যতঃ বন্ধ হৈ থকাৰ বাবে নিয়মীয়া বিমান সেৱা বন্ধ হৈ আছে। অৱশ্যে বিশেষ প্ৰয়োজনৰ বাবে মুষ্টিমেয় বিমান চলাচলৰ অনুমতি দিয়া হৈছে।
কাটাৰ এয়াৰৱেজে বুধবাৰৰ পৰা ভাৰতৰ মুঠ ৯টা গন্তব্যস্থানলৈ বিমান সেৱা চলাব বুলি ঘোষণা কৰিছে। যাত্ৰীসকলে কোম্পানীটোৰ ৱেবছাইট, এপ বা অনুমোদিত এজেণ্টৰ জৰিয়তে টিকট বুকিং কৰিব পাৰিব। তদুপৰি স্থলপথেৰে ছালৱা সীমান্ত হৈ ছৌদি আৰব হৈ ঘৰলৈ উভতি যাব বিচৰাসকলৰ বাবে দূতাবাসে জৰুৰীকালীন ভিত্তিত ‘ট্ৰেনজিট ভিছা’ৰ ব্যৱস্থা কৰিছে।
প্ৰবাসীসকলৰ সুবিধাৰ্থে আগন্তুক সপ্তাহটোত দূতাবাসৰ নিয়ন্ত্ৰণ কক্ষ ২৪ ঘণ্টাই খোলা থাকিব। পাছপ’ৰ্ট সম্পৰ্কীয় কাম বা আন যিকোনো প্ৰয়োজনৰ বাবে ফোন, ইমেইল বা হোৱাটছএপ যোগে যোগাযোগ কৰিব পাৰে। একে সময়তে দূতাবাসৰ বিশেষ অনুৰোধ ভাৰতীয়সকলক স্থানীয় প্ৰশাসনৰ নিৰ্দেশ পালন কৰি কোনো ধৰণৰ উৰাবাতৰি শুনিব নালাগে।
উল্লেখ্য যে ভাৰতে আমেৰিকাৰ সৈতে হৰমুজ প্ৰণালীলৈ যুদ্ধ জাহাজ প্ৰেৰণৰ ক্ষেত্ৰত কোনো দ্বিপাক্ষিক আলোচনাত মিলিত হোৱা নাই। সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে পাৰস্য উপসাগৰৰ এই যুদ্ধক্ষেত্ৰত দিল্লীয়ে কোনো বিদেশী মিত্ৰজোঁটত যোগদান কৰাৰ কোনো পৰিকল্পনা নাই। বৰঞ্চ কূটনৈতিক আলোচনাৰ জৰিয়তে নিজৰ বাণিজ্যিক জাহাজসমূহৰ সুৰক্ষা নিশ্চিত কৰিব বিচাৰে।
আনহাতে, ভাৰতে যদিও কোনো বহুপক্ষীয় নৌসেনাৰ মিত্ৰতাত যোগদান কৰা নাই, তথাপিও ভাৰতৰ নৌসেনাই নিজৰ পতাকাযুক্ত জাহাজক পহৰা দিবলৈ নিজাকৈ যুদ্ধ জাহাজ নিয়োগ কৰিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দাবী কৰিছে যে ইৰাণৰ সৈতে ভাৰতৰ সম্পৰ্ক ঐতিহাসিক। সেয়েহে ভাৰতে জাহাজক সাগৰৰ মাজেৰে পাৰ হ’বলৈ দিয়াৰ বিনিময়ত ইৰাণক বিশেষ সুবিধা দিবলগা হোৱা নাছিল। জয়ছোৱালে কয়, “এয়া লেনদেনৰ কথা নহয়, দীৰ্ঘদিনীয়া বন্ধুত্বৰ প্ৰতিফলনহে।”











