
বুধবাৰে পুৱা ৭ বজাত দিল্লীত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড (Delhi Fire)। বহুমহলীয়া আৱাসিক ভৱনত ব্যাপক অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত আতংকৰ সৃষ্টি হয়। দক্ষিণ-পশ্চিম দিল্লীৰ পালাম অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

দিল্লী আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে পুৱা এটা আৱাসিক উচ্চ অট্টালিকাত হঠাৎ সংঘটিত অগ্নিকাণ্ডত কমেও ৬ জন লোকৰ মৃত্যু হয়। সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, ঘন এলেকাৰ বাবে এনে অগ্নিকাণ্ডই ৰাইজৰ মাজত আতংক বিয়পায়। আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে ব্যাপক অনুসন্ধান অভিযান আৰম্ভ কৰা হয়।
বুধবাৰে পুৱা প্ৰায় ৭ বজাত অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰে। তথ্য পোৱাৰ লগে লগে ঘটনাস্থলীত উদ্ধাৰৰ কাম আৰম্ভ হয়। পালাম অঞ্চলৰ এটা জনবসতিপূৰ্ণ ওখ অট্টালিকাত সংঘটিত হয় এই ঘটনা। এই পৰ্যন্ত উক্ত ঘটনাত ৬ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, ৩০ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে ঘটনাস্থলীত জুই নিৰ্বাপণৰ কামত নিয়োজিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰ অনুসৰি, অঞ্চলটো অতি জনবহুল। ফলত কৰ্মীসকলে তাত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ অতি কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়।
অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই জনোৱা মতে, তথ্য পোৱাৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ হয়। ভিতৰত আৰু কোনোবা আবদ্ধ হৈ আছে নেকি পৰীক্ষা কৰি আছে উদ্ধাৰকাৰীয়ে। যুদ্ধকালীন তৎপৰতাত অগ্নি নিৰ্বাপনৰ কাম চলে।
অৱশ্যে অগ্নিকাণ্ডৰ উৎসক লৈ বিতৰ্ক এতিয়াও শেষ হোৱা নাই। শ্বৰ্ট চাৰ্কিট বা আন কোনো কাৰণত দুৰ্যোগৰ সৃষ্টি হৈছে নেকি সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে প্ৰশাসনে। ঘটনা সন্দৰ্ভত সম্পূৰ্ণ তদন্ত আৰম্ভ হৈছে।










