
৪৮ বছৰৰ পাছত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ (Supreme Court of India) ৯জনীয়া সাংবিধানিক বিচাৰপীঠে ‘উদ্যোগ’ শব্দটোৰ সংজ্ঞা নিৰ্ধাৰণৰ বিষয়টোৰ শুনানি আৰম্ভ কৰিছে। এই সন্দৰ্ভত ১৯৭৮ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ বৈধতা পৰীক্ষাৰ বাবে মঙলবাৰৰ পৰা আৰম্ভ হয় শুনানি।

ন্যায়াধীশ বি ভি নাগৰত্ন, ন্যায়াধীশ পি এছ নৰসিংহ, ন্যায়াধীশ দীপাংকৰ দত্ত, ন্যায়াধীশ উজ্জ্বল ভূঞা, ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা, ন্যায়াধীশ জয়মাল্য বাগচি, ন্যায়াধীশ আলোক আৰাধে আৰু ন্যায়াধীশ বিপুল এম পাঞ্চোলিকে ধৰি সাংবিধানিক বিচাৰপীঠে মুখ্য ন্যায়াধীশৰ সৈতে শুনানি গ্ৰহণ কৰি আছে। শ্ৰমিক সম্পৰ্ক নিয়ন্ত্ৰণৰ বাবে উচ্চতম ন্যায়ালয়ৰ ১৯৭৮ চনৰ ৰায় পুনৰীক্ষণ কৰি আছে।
বুধবাৰে পৰৱৰ্তী শুনানি হ’ব ১৯৭৮ চনৰ ঔদ্যোগিক বিবাদ আইন ১৯৪৭ৰ অধীনত। এই বিষয়ত ১৯৭৮ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ বৈধতা পৰীক্ষা কৰিবলৈ মঙলবাৰৰ পৰা আৰম্ভ হয় শুনানি।
মঙলবাৰৰ শুনানিৰ আৰম্ভণিতে মুখ্য ন্যায়াধীশে স্পষ্ট কৰি দিয়ে যে ১৯৮২ চনৰ আইনখনত উল্লেখ কৰা ধৰণে ‘উদ্যোগ’ শব্দটোৰ সংজ্ঞাৰ বিষয়ে বিচাৰপীঠে আলোচনা নকৰে, কিয়নো সেই আইনখন কেতিয়াও কাৰ্যকৰী হোৱা নাছিল আৰু সেয়েহে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰি।
তেওঁ লগতে কয়, “২০২৫ চনৰ পৰা বলৱৎ হোৱা ২০২০ চনৰ ‘ঔদ্যোগিক সম্পৰ্ক সংহিতা’ত এই শব্দটোৰ সংজ্ঞাৰ বিষয়ে বিচাৰপীঠে আলোচনা নকৰে, কিয়নো সেইটোও আদালতত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে।”
উল্লেখ্য যে ১৯৭৮ চনত ‘বাংগালুৰু পানী যোগান আৰু নলা ব’ৰ্ড বনাম ৰাজাপ্পা’ গোচৰত সাতজনীয়া বিচাৰপীঠে ৰায় দিছিল যে সামগ্ৰী আৰু সেৱাৰ উৎপাদন বা বিতৰণৰ উদ্দেশ্যে মালিক আৰু কৰ্মচাৰীৰ সহযোগত আয়োজন কৰা যিকোনো পদ্ধতিগত কাৰ্যকলাপক ‘উদ্যোগ’ৰ সংজ্ঞাত অন্তৰ্ভুক্ত কৰিব পাৰি।
সংস্থাটোৱে লাভৰ কামত নিয়োজিত নহ’লেও ই ‘উদ্যোগ’ হ’ব পাৰে। ন্যায়াধীশ ভি আৰ কৃষ্ণ আয়াৰে লিখা ৰায়দানত দিয়া ‘উদ্যোগ’ শব্দটোৰ বহল ব্যাখ্যা পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে নে নাই সেয়া এতিয়া সাংবিধানিক বিচাৰপীঠে পৰীক্ষা কৰিব।
ইয়াৰ লগতে সাংবিধানিক বিচাৰপীঠে বিবেচনা কৰিব যে চৰকাৰী বিভাগ বা তেওঁলোকৰ অধীনস্থ সংস্থাই গ্ৰহণ কৰা সমাজ কল্যাণমূলক আঁচনি আৰু অন্যান্য কাৰ্যসূচীক ঔদ্যোগিক বিবাদ আইন, ১৯৪৭ৰ ২ নং ধাৰাত ‘উদ্যোগ’ হিচাপে গণ্য কৰিব পাৰি নেকি?











