
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে ফোনযোগে কথা পাতি (Iran war) পশ্চিম এছিয়া আৰু হৰমুজ প্ৰণালীৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। দুয়োগৰাকী নেতাই হৰমুজ প্ৰণালীৰ মাজেৰে নিৰাপদ আৰু স্বাভাৱিক যাতায়াত সুনিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সন্মত হয়।

সংবাদ সংস্থা পি টি আইৰ বাতৰি অনুসৰি, পশ্চিম এছিয়াত শান্তি, সামগ্ৰিক নিৰাপত্তা আৰু স্থিতিশীলতা ক্ষিপ্ৰতাৰে পুনৰ ঘূৰাই অনাৰ বাবে ভাৰত আৰু ইউ এ ইয়ে একেলগে কাম কৰিবলৈ সন্মত হৈছে। জানিব পৰা মতে ইৰাণ-আমেৰিকা আৰু ইজৰাইল যুদ্ধৰ পৰিপ্ৰেক্ষিতত ইউ এ ইৰ বিভিন্ন প্ৰান্তত ইৰাণৰ আক্ৰমণক মোদীয়ে গৰিহণা দিয়ে।
উল্লেখ্য যে যুদ্ধৰ পৰিস্থিতিত এই বিষয়ত দুয়োগৰাকী নেতাই দ্বিতীয়বাৰৰ বাবে আলোচনাত মিলিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ছচিয়েল মিডিয়াত লিখিছে যে তেওঁ আল নাহিয়ানৰ সৈতে কথা পাতিছে। লগতে ইউ এ ইৰ ৰাষ্ট্ৰপতিলৈ ঈদৰ শুভেচ্ছা জনায়।
মোদীয়ে লিখিছে যে পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হয়। ইউ এ ইত আক্ৰমণৰ ফলত নিৰীহ লোকৰ মৃত্যু হৈছে। দেশখনৰ অসামৰিক আন্তঃগাঁথনি ধ্বংস হৈছে। তেওঁ এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে।
দুয়োগৰাকী নেতাই হৰমুজ প্ৰমালীত স্বাভাৱিক যাতায়াত বজাই ৰখাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সন্মত হয়। মোদীয়ে লিখিছে, “আমি এই অঞ্চলত শান্তি, নিৰাপত্তা আৰু স্থিতিশীলতা ক্ষিপ্ৰতাৰে ঘূৰাই অনাৰ বাবে একেলগে কাম কৰি যাম।”
ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যুদ্ধৰ পৰিস্থিতিত ইৰাণ, ইজৰাইল, কুৱেইট, ওমানকে ধৰি বিভিন্ন দেশৰ নেতৃত্বৰ সৈতে কথা পাতিছে। সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতিৰ সৈতে পুনৰ কথা পাতে।










