
সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, যুদ্ধবিধ্বস্ত ইৰাণৰ পৰা এতিয়ালৈকে ৫৫০ জন ভাৰতীয়ক উলিয়াই অনা হৈছে। যুদ্ধবিধ্বস্ত ইৰাণৰ পৰা (Iran War) আৰ্মেনিয়াৰ মাজেৰে তেওঁলোকক উলিয়াই অনা হয়।
ইয়াৰ বাবে উক্ত দেশখনক ধন্যবাদ জ্ঞাপন কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। ভাৰতে পশ্চিম এছিয়াৰ সংঘাতৰ বাবে ইৰাণত আবদ্ধ হৈ থকা ভাৰতীয়সকলক সীমান্ত পাৰ হৈ আৰ্মেনিয়ালৈ যাবলৈ অনুৰোধ জনাইছে।
তাৰ পৰা উভতি অহাৰো ব্যৱস্থা কৰা হৈছে। আৰ্মেনিয়ালৈ অহাসকলৰ ভিতৰত ৭০ জনক দেওবাৰে ভাৰতলৈ ঘূৰাই অনা হয়। আৰ্মেনিয়াৰ ৰাজধানী ইয়েৰেভান বিমানবন্দৰৰ পৰা বিমানেৰে দিল্লীলৈ অনা হয়।
সম্প্ৰতি ব্ৰাছেলছত আছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ। তাৰ পৰাই তেওঁ কয় যে এতিয়ালৈকে ইৰাণৰ পৰা ৫৫০ জন ভাৰতীয়ক নিৰাপদে উলিয়াই অনাত সহায় কৰাৰ বাবে আৰ্মেনিয়া আৰু ইয়াৰ জনসাধাৰণক ধন্যবাদ জনাইছে। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, “এই কঠিন সময়ত সহায় কৰাৰ বাবে মই তেওঁলোকক শলাগ লৈছোঁ।”
যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আগতে ইৰাণত প্ৰায় ৯ হাজাৰ ভাৰতীয় আছিল। ইয়াৰে অধিকাংশই ছাত্ৰ-ছাত্ৰী। এই ভাৰতীয়সকলৰ অধিকাংশই জম্মু-কাশ্মীৰৰ বাসিন্দা। ইয়াৰ উপৰি উত্তৰ প্ৰদেশৰ লগতে আন কিছুমান ৰাজ্যৰ বাসিন্দাও আছে।
ইৰাণৰ ৰাজধানী তেহৰাণ আৰু তাৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰত্বত থকা কুম চহৰ দুখন, য’ত সৰ্বাধিক প্ৰবাসী ভাৰতীয় বাস কৰে। তেওঁলোকক ইৰাণৰ পৰা আজাৰবাইজান আৰু আৰ্মেনিয়ালৈ আহিবলৈ কোৱা হৈছে। যিসকল আহিছে তেওঁলোকক দেশলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা কৰিছে ভাৰতে।












