
সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত লাডাখক সম্পূৰ্ণ ৰাজ্যৰ দাবীত পুনৰ আৰম্ভ হৈছে প্ৰতিবাদ। সোমবাৰৰ পৰা ৰাজধানী লেহকে ধৰি বিভিন্ন চহৰত হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছে, ঠিক ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত দেখাৰ দৰেই।

ধাৰাবাহিক অনুষ্ঠানত ছেপ্টেম্বৰ আন্দোলনৰ অন্যতম মুখ পৰিৱেশকৰ্মী সোণম ৱাংচুকৰ (Sonam Wangchuk) মুক্তিয়ে জম্মু-কাশ্মীৰৰ পৰা গঠিত কেন্দ্ৰীয়শাসিত অঞ্চলটোত পুনৰ উত্তেজনাৰ সৃষ্টি কৰিছে।
সোমবাৰে বন্ধৰ আহ্বান জনাইছে লাডাখৰ দুটা প্ৰতিনিধি সংগঠন এপেক্স বডি লেহ (এ বি এল) আৰু কাৰ্গিল ডেম’ক্ৰেটিক এলায়েন্সে (কে ডি এ)। তেওঁলোকৰ ১৫ জনীয়া ‘হাই পাৱাৰড কমিটী’য়ে (এইচ পি চি) কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে আলোচনাত মিলিত হৈ ষষ্ঠ অনুসূচীৰ অধীনত সম্পূৰ্ণ ৰাজ্যৰ দাবী উত্থাপন কৰিছে।
এ বি এল আৰু কে ডি এয়ে এক বিবৃতিত কয়, “হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছে। আমি যিটো বৈধভাৱে প্ৰাপ্য, তাৰ পৰা পিছুৱাই নাযাওঁ।” ২০২৫ চনৰ নৱেম্বৰ মাহত লেহ কাউন্সিলৰ পাঁচ বছৰীয়া কাৰ্যকাল শেষ হ’ব যদিও তেওঁলোকে কিয় নতুন নিৰ্বাচন অনুষ্ঠিত নহ’ল সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে।
যোৱা ছেপ্টেম্বৰ মাহত কেন্দ্ৰীয়শাসিত অঞ্চল লাডাখৰ ৰাজধানী লেহত হিংসাত্মক প্ৰতিবাদত জড়িত থকাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হৈছিল ৱাংচুক। সেই প্ৰতিবাদত চাৰিজন লোক নিহত হোৱাৰ লগতে ১৫০ৰো অধিক লোক আহত হয়।
বিগত বৰ্ষৰ ২৪ ছেপ্টেম্বৰৰ প্ৰতিবাদৰ সময়ত লাডাখত আৰক্ষীৰ গুলীত চাৰিজন লোক নিহত হোৱাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত পৰিবেশ কৰ্মী সোণম ৱাংচুকক গ্ৰেপ্তাৰ কৰা হৈছিল। শনিবাৰে যোধপুৰ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় ৱাংচুকক। ইয়াৰ পিছত লাডাখত বিয়পি পৰিছে নতুনকৈ অশান্তি।
সোমবাৰে এইচ পি চিৰ সদস্য তথা এ বি এলৰ ভাইচ-চেয়াৰমেন চেৰিং ডৰ্জাই লাক্ৰকে কয়, “বৃহৎ ভোটদানৰ পিছতো প্ৰতিবাদ শান্তিপূৰ্ণ আছিল। আমাক বাধা দিবলৈ আৰক্ষীয়ে কেইটামান বেৰিকেড লগাইছিল, কিন্তু আমি সকলোকে ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছিলোঁ আৰু আমি শান্তিপূৰ্ণভাৱে কৰিলোঁ।”











