
ঘৃণামূলক ভাষণ আৰু ধৰ্মান্তৰকৰণ (Religious Freedom) বিৰোধী আইনক গৰিহণা দিয়াৰ পিছত এইবাৰ আমেৰিকাই ধৰ্মীয় স্বাধীনতা সম্পৰ্কীয় প্ৰতিবেদনত ২০২৫ চনত ভাৰতৰ পৰিস্থিতি অধিক বেয়া হোৱাৰ অভিযোগ উত্থাপন কৰিছে।

আমেৰিকান সংস্থা আমেৰিকান আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা আয়োগে ২০২৬ চনৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতে নতুন দিল্লীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিৰে ৱাশ্বিংটনক লক্ষ্য কৰি লৈছে।
সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, “আমি ইউ এছ চি আই আৰ এফৰ শেহতীয়া প্ৰতিবেদনৰ বিষয়ে জানিবলৈ পাৰিছোঁ। ই ভাৰতৰ পৰিস্থিতি সম্পৰ্কে উদ্দেশ্যেপ্ৰণোদিত আৰু পক্ষপাতিত্বমূলক অভিযোগ উত্থাপন কৰে, যিবোৰ আমি সম্পূৰ্ণৰূপে নাকচ কৰোঁ। বিগত কেইবছৰমানৰ পৰা ইউ এছ চি আই আৰ এফে ভাৰতৰ বিকৃত আৰু নেতিবাচক ছবি দাঙি ধৰিছে। তেওঁলোকৰ প্ৰতিবেদন বস্তুনিষ্ঠৰ পৰিৱৰ্তে সন্দেহজনক উৎস আৰু মতাদৰ্শগত আখ্যানৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। বাৰে বাৰে এনে ভুল বৰ্ণনাই শেষত ইউ এছ চি আই আৰ এফৰ বিশ্বাসযোগ্যতাকেই ক্ষতিগ্ৰস্ত কৰিব।”
ইয়াৰ পিছত ৰণধীৰ জয়ছোৱালে নাম নোলোৱাকৈয়ে আমেৰিকাত খালিস্তানপন্থীসকলৰ কাৰ্যকলাপক লক্ষ্য কৰি লয়।
তেওঁ কয়, “ভাৰতক সমালোচনা কৰাৰ পৰিৱৰ্তে ইউ এছ চি আই আৰ এফে আমেৰিকাত হিন্দু মন্দিৰত আক্ৰমণৰ আতংকজনক কাণ্ড আৰু আমেৰিকাত ভাৰতীয় প্ৰব্ৰজনকাৰীৰ সদস্যসকলৰ বিৰুদ্ধে ক্ৰমাৎ বৃদ্ধি পোৱা অসহিষ্ণুতা আৰু আতঙ্ক দেখুৱাব লাগে। সেই বিষয়বোৰ সঁচাকৈয়ে গুৰুতৰ।”
উল্লেখ্য যে আমেৰিকাই বিগত কেইবছৰমানৰ পৰা ধৰ্মীয় স্বাধীনতাৰ প্ৰতিবেদনত ভাৰতক লক্ষ্য কৰি লৈ আহিছে। এইবাৰ প্ৰতিবেদনত ভাৰতক ‘বিশেষ উদ্বেগৰ দেশ’ হিচাপে চিনাক্ত কৰা হৈছে।











