
সোমবাৰে গুজৰাটৰ মুন্দ্ৰা বন্দৰ (Mundra Port of Gujarat)ত উপস্থিত হয় এল পি জি টেংকাৰ (LPG tanker) ‘শিবালিক’ (Shivalik)। যোৱা শুকুৰবাৰে দীৰ্ঘদিনীয়া স্থবিৰতাৰ অন্তত জাহাজখনে হৰমুজ প্ৰণালী পাৰ হয়। এল পি জি কঢ়িয়াই অনা আন এখন জাহাজ ‘নন্দা দেৱী’ও (Nanda Devi) হৰমুজ পাৰ হৈ ভাৰত অভিমুখে আগবাঢ়িছে। মঙলবাৰে জাহাজখন মুম্বাইত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। দেশত এল পি জিক লৈ যি উদ্বেগৰ উদ্ভৱ হৈছিল সেয়া বহুলাংশে সমাধান হ’ব বুলি ধাৰণা কৰা হৈছে।
পশ্চিম এছিয়াৰ সংঘাতৰ মাজতে ইৰাণে হৰমুজ প্ৰণালীৰ মাজেৰে বাণিজ্যিক জাহাজৰ চলাচল বন্ধ কৰি দিছিল। ২৮ ফেব্ৰুৱাৰীৰ পৰা হৰমুজৰ মাজেৰে মাত্ৰ তিনিখন বাণিজ্যিক জাহাজহে পাৰ হৈ গৈছে। ইয়াৰে শিৱালিক আৰু নন্দা দেৱী ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে। প্ৰথমখন আছিল লাইবেৰিয়াৰ পতাকা থকা টেংকাৰ। ছৌদি আৰবৰ পৰা খাৰুৱা তেল লৈ ৰাওনা হৈছিল জাহাজকেইখন। শিৱালিক আৰু নন্দা দেৱী ভাৰতীয় জাহাজ নিগমৰ জাহাজ। সূত্ৰ অনুসৰি, শিৱালিক প্ৰায় ৪০ হাজাৰ মেট্ৰিক টন এল পি জি আছে। নন্দা দেৱীতো বৃহৎ পৰিমাণৰ এল পি জি আছে।

২৮ ফেব্ৰুৱাৰীত ইজৰাইল আৰু আমেৰিকাই ইৰাণক আক্ৰমণ কৰে। তেহৰানেও প্ৰতিশোধ লয়। লগতে হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজৰ চলাচল বন্ধ কৰি দিয়ে। ফলত পশ্চিম এছিয়াৰ পৰা তেল আৰু এল পি জিৰ আমদানি প্ৰায় বন্ধ হৈ যায়। কাৰণ পশ্চিম এছিয়াৰ পৰা পূবলৈ আহিবলৈ হৰমুজৰ মাজেৰে পাৰ হোৱাটো বাধ্যতামূলক। এনে পৰিস্থিতিত ভাৰতকে ধৰি কেইবাখনো দেশ বিপদত পৰিছে। নতুন দিল্লীয়ে তেহৰানৰ সৈতে আলোচনা আৰম্ভ কৰে। সংঘাত আৰম্ভ হোৱাৰ পাছৰে পৰা বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচীৰ সৈতে চাৰিবাৰ কথা পাতিছে বুলি জানিব পৰা গৈছে। প্ৰধানমন্ত্ৰী মোদীয়েও যোৱা মঙলবাৰে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ সৈতে কথা পাতে। ইয়াৰ পিছতে ভাৰতত থকা ইৰাণৰ ৰাষ্ট্ৰদূত মহম্মদ ফথালীয়ে আশ্বাস দিয়ে যে ভাৰতীয় বাণিজ্যিক জাহাজসমূহে কোনো বাধা নোহোৱাকৈ হৰমুজৰ মাজেৰে পাৰ হ’ব। ফথালীয়ে কয়, “ভাৰত আৰু ইৰাণ বন্ধু। আমি সেইটোত বিশ্বাস কৰোঁ।” তাৰ পিছত অলপ সময়ৰ ভিতৰতে ভাৰতৰ এখন জাহাজে হৰমুজ প্ৰণালীপ পাৰ হৈ যায়। এইবাৰ এল পি জিভৰ্তি এখন জাহাজে হৰমুজ প্ৰণালী পাৰ হৈ ভাৰত পায়হি।
উল্লেখ্য যে ভাৰতে দৈনিক গেছ ব্যৱহাৰৰ প্ৰায় আধা সংখ্যক ১৯১ মিলিয়ন মানক ঘনমিটাৰ (SCM) আমদানি কৰে। হৰমুজ প্ৰণালীৰ মাজেৰে টেংকাৰ যাতায়াত বন্ধ হৈ পৰাৰ ফলত পশ্চিম এছিয়াৰ পৰা গেছ যোগান ব্যাহত হৈছে। এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে গাইডলাইন জাৰি কৰিছে। কিন্তু এল পি জিভৰ্তি জাহাজৰ আগমনৰ ফলত সেই চিন্তা বহু পৰিমাণে হ্ৰাস পাব বুলি অনুমান কৰা হৈছে।











