
মূলতঃ পশ্চিমবংগৰ নাদিয়া (Nadia of West Bengal)ৰ বাসিন্দা। মেট্ৰিক পৰীক্ষা নিদিয়াকৈ স্কুল এৰি গুজৰাটলৈ যায়। অভিযোগ অনুসৰি, সঞ্জিত নীলকমল বিশ্বাস (Sanjiv Nilkamar Biswas) নামৰ লোকজনে গুজৰাটত অবৈধভাৱে ক্লিনিক (Illegal clinic in Gujarat) চলাবলৈ আৰম্ভ কৰে। ইতিমধ্যে অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
গুজৰাটৰ চুৰাটত অবৈধভাৱে ক্লিনিক চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৪০ বছৰীয়া সঞ্জিতৰ বিৰুদ্ধে। কোনো বৈধ মেডিকেল চাৰ্টিফিকেট অবিহনে তেওঁ তাত ৰোগীৰ চিকিৎসা কৰিছিল বুলিও অভিযোগ উত্থাপন হৈছে। উপযুক্ত পেছাদাৰী অৰ্হতা নথকা সত্ত্বেও তেওঁ ৰোগীক অধিক মাত্ৰাত এলোপেথিক ঔষধ প্ৰেছক্ৰিপচন কৰিছিল। আনকি বেজীও দিছিল। গোপন সূত্ৰৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী থানাই শেহতীয়াকৈ ক্লিনিকখনত অভিযান চলায়। তেওঁলোকৰ সৈতে স্বাস্থ্য বিভাগৰ বিষয়াসকলো উপস্থিত থাকে। আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ যৌথ অভিযানত হাতে-লোতে ধৰা পৰে সঞ্জিত।

অভিযোগ অনুসৰি, চিকিৎসাৰ বাবে তেওঁৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল। তেওঁৰ হাতত চিকিৎসাৰ অনুজ্ঞাপত্ৰও নাছিল। তাৰ পিছতো তেওঁ চিকিৎসকৰ পৰিচয় দি ৰোগীৰ চিকিৎসা কৰি আছিল। সঞ্জিতক গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালকৈ আৰক্ষীয়ে তেওঁৰ ক্লিনিকৰ পৰা এটা ষ্টেথ’স্কোপ, বহু পৰিমাণৰ এলোপেথিক ঔষধ, চিৰিঞ্জ আৰু অন্যান্য চিকিৎসা সঁজুলি জব্দ কৰিছে। তদন্তকাৰীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ বিৰুদ্ধে মেডিকেল প্ৰেকটিচনাৰ আইন আৰু ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰিছে।
আৰক্ষীয়ে ধৃত ব্যক্তিজনক জেৰা কৰি এই সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে। তদন্তকাৰী বিষয়াসকলে সঞ্জিতে কিমান দিনৰ পৰা ক্লিনিকখন চলাই আহিছিল, অনুজ্ঞাপত্ৰ নথকা সত্ত্বেও তেওঁক কোনে বা কেনেকৈ ঔষধ দিছিল, সেই সম্পৰ্কে সবিশেষ জানিবলৈ চেষ্টা চলাইছে।











