
উৎসৱৰ আনন্দ আতংকলৈ পৰিৱৰ্তিত। বিবাহ অনুষ্ঠান (Wedding ceremony)ত ৰসগোল্লা খাই (Ate rasgulla) থাকোতে ডিঙিত লাগি এজন লোকৰ মৃত্যু (Death by hanging) হয়। ঘটনাটো সোমবাৰে ৰাতিপুৱা ঝাৰখণ্ডৰ জামছেদপুৰ (Jamshedpur of Jharkhand)ৰ মালয়ন্তা গাঁৱত সংঘটিত হয়। মৃতকজনক ললিত সিং বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী আৰু স্থানীয় সূত্ৰৰ মতে, ললিত সিঙে সোমবাৰে গাঁৱত এখন বিবাহ অনুষ্ঠানত উপস্থিত আছিল। ৰাতিপুৱা আহাৰ খোৱাৰ সময়ত তেওঁৰ মুখত ৰসগোল্লা এটা সুমুৱাই দিয়া হৈছিল আৰু ই তেওঁৰ শ্বাসনলীত লাগি ধৰিছিল। মুহূৰ্তৰ ভিতৰত ললিত কঁপিবলৈ ধৰিলে আৰু উশাহ চুটি হ’ল।

ওচৰৰ মানুহবোৰে তেওঁৰ ডিঙিৰ পৰা মিঠাইখিনি উলিয়াবলৈ চেষ্টা কৰিছিল কিন্তু সফল হোৱা নাছিল। ললিতৰ দেউতাকে তেওঁক ততাতৈয়াকৈ ওচৰৰ এমজিএম চিকিৎসালয়লৈ লৈ গৈছিল য’ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে৷ চিকিৎসকৰ মতে ৰসগোল্লাই ললিতৰ শ্বাসনলী সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল। ফলস্বৰূপে শৰীৰলৈ অক্সিজেনৰ যোগান বন্ধ হৈ গৈছিল আৰু কেইমিনিটমানৰ ভিতৰতে তেওঁৰ মৃত্যু হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ পিছত সোমবাৰে মৃতদেহটো পৰিয়ালক হস্তান্তৰ কৰা হয়। আনন্দ উৎসৱত তেওঁৰ অকাল মৃত্যুত সমগ্ৰ গাওঁখনে শোক প্ৰকাশ কৰিছে।











