
লোকসভাৰ অধ্যক্ষক অপসাৰণৰ প্ৰস্তাৱ ধ্বনিভোটত নাকচ কৰা হয়। পুনৰ অধ্যক্ষ ওম বিৰলাই (Om Birla) লোকসভাৰ অধিবেশন পৰিচালনা কৰিছে। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত বিৰলালৈ এখন পত্ৰ লিখে। তাত বিৰোধীয়ে অধ্যক্ষৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱক গৰিহণা দিয়ে মোদীয়ে। মোদীয়ে অনাস্থা প্ৰস্তাৱক ‘ৰাজনৈতিক কু-কৰ্ম’ বুলি অভিহিত কৰে।

ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে অনাস্থা প্ৰস্তাৱ অনা বুলি দাবী কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। কংগ্ৰেছক আঘাত কৰি তেওঁ লিখিছে, “নেপোটিজম মানসিকতাত নিমগ্ন কিছুমান মানুহে গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক নিজৰ সংকীৰ্ণ পৰিসৰত সীমাবদ্ধ কৰি ৰাখিব বিচাৰে।”
বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱ যোৱা বুধবাৰে ধ্বনিভোটৰ জৰিয়তে নাকচ কৰে। ইয়াৰ পাছতে যোৱা বৃহস্পতিবাৰে অধ্যক্ষই লোকসভাত ভাষণ দি কয়, “অধ্যক্ষৰ আসন কোনো ব্যক্তিৰ নহয়। বৰঞ্চ ই সংসদৰ মৰ্যাদাৰ প্ৰতীক। যিকোনো সদস্যৰ বাবে গ্ৰহণযোগ্য হওক বা নহওক, লোকসভা নিৰ্ধাৰিত নিয়ম আৰু পদ্ধতি অনুসৰি চলিব।”
বহুতে বিশ্বাস কৰে যে বিৰলাই উক্ত বাৰ্তা বিৰোধী শিবিৰলৈ প্ৰেৰণ কৰিছে। এইবাৰ বিৰোধীয়ে অনা অনাস্থা প্রস্তাৱক গৰিহণা দিয়ে মোদীয়েও৷ হিন্দী ভাষাত লিখা পত্ৰখনত মোদীয়ে লিখিছে, “লোকসভাত আপোনাৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ নাকচ কৰা হৈছে। ইয়াৰ বাবে সাংসদসকলক অভিনন্দন জনাইছো।
তেওঁলোকে এই ৰাজনৈতিক কু-কৰ্ম নাকচ কৰিছে। অনাস্থা প্ৰস্তাৱ নাকচ হোৱাৰ পিছত সংসদত আপোনাৰ বক্তৃতা মই মনোযোগেৰে শুনিছিলো।” প্ৰধানমন্ত্ৰীয়ে কয় যে সেইদিনা বিৰলাৰ ভাষণ কেৱল এটা বিশেষ মুহূৰ্তৰ প্ৰতিক্ৰিয়া নহয়। ইয়াৰ দ্বাৰা দেশৰ সংসদীয় পৰম্পৰা আৰু গণতন্ত্ৰৰ গভীৰতাও ব্যাখ্যা কৰা হৈছে বুলি দাবী কৰে মোদীয়ে।
বিৰলায়ো দেওবাৰে সকলো দলৰ লোকসভাৰ নেতালৈ এখন পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত তেওঁ লোকসভাৰ ভিতৰত সাংসদসকলে কেনে আচৰণ কৰিব লাগে সেই কথা সোঁৱৰাই দিয়ে। অধিবেশন হলত বেনাৰ, প্লেকাৰ্ড আৰু পোষ্টাৰৰ প্ৰতিবাদ আৰু শব্দ প্ৰয়োগক লৈ উদ্বেগ প্ৰকাশ কৰে বিৰলাই। তেওঁ প্ৰতিটো দলৰ নেতাসকলক লোকসভাত অনুশাসন মানি চলিবলৈ নিজৰ দলৰ সাংসদসকলক পৰামৰ্শ দিবলৈ কয়।










