
ওড়িশাৰ কটকৰ এছ চি বি মেডিকেল কলেজ হাস্পতালত অগ্নিকাণ্ড (Odisha Hospital Fire)। এই অগ্নিকাণ্ডত আই চি ইউত চিকিৎসাধীন হৈ থকা কমেও ১০ জন ৰোগীৰ মৃত্যু হয়। ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি মৃতকৰ সংখ্যা নিশ্চিত কৰে।

মোহনে মৃতকৰ পৰিয়ালক ২৫ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। জানিব পৰা মতে, সোমবাৰে পুৱা প্ৰায় ৩ বজাত কটকৰ চিকিৎসালয়খনৰ আই চি ইউত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয়।
জুই শীঘ্ৰে ৱাৰ্ডলৈ বিয়পি পৰে। চাৰিওফালৰ অঞ্চল ধোঁৱাই আৱৰি ধৰে। চিকিৎসালয়ৰ কৰ্মচাৰীয়ে যুদ্ধকালীন তৎপৰতাৰে আই চি ইউৰ পৰা ৰোগীক উলিয়াই অনাৰ চেষ্টা চলায়। কিন্তু ১০ জন লোকক বচাব পৰা নগ’ল। মুখ্যমন্ত্ৰী মোহনে কয় যে আই চি ইউৰ ভিতৰতে ৭ জন ৰোগীৰ মৃত্যু হৈছে।
তাৰ পৰা আন এটা ৱাৰ্ডলৈ স্থানান্তৰিত হোৱাৰ সময়ত আৰু তিনিজনে প্ৰাণ হেৰুৱায়। পুৱাতেই মুখ্যমন্ত্ৰীয়ে নিজেই চিকিৎসালয়খন পৰিদৰ্শন কৰে। ওড়িশাৰ স্বাস্থ্য মন্ত্ৰী মুকেশ মহলিঙো তেওঁৰ লগত আছিল। পৰিস্থিতি পুনৰীক্ষণ কৰাৰ অন্তত মোহনে সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্তৰ নিৰ্দেশ দিছে। চিকিৎসাধীন ৰোগীসকলৰো খবৰ লয়।
পুৱাৰ ভাগত হঠাৎ কেনেকৈ জুই লাগিল আই চি ইউত সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী মোহনে কয় যে এছ চি বি হাস্পতালৰ ট্ৰমা কেয়াৰৰ আই চি ইউত শ্বৰ্ট চাৰ্কিট হ’ব পাৰে। প্ৰথম অৱস্থাত তাৰ পৰাই জুইৰ সূত্ৰপাত হোৱা বুলি অনুমান কৰা হৈছে। ৰোগীক উদ্ধাৰ কৰাৰ সময়ত চিকিৎসালয়ৰ বহু কৰ্মচাৰীও আহত হয়। চিকিৎসালয়খনত অগ্নিদগ্ধ হৈ কমেও ১১জন স্বাস্থ্যকৰ্মী চিকিৎসাধীন হৈ আছে।
ইয়াৰ উপৰি ২৩ জন ৰোগীক ট্ৰমা কেয়াৰৰ পৰা স্থানান্তৰ কৰা হৈছে। ধোঁৱাৰ ফলত বহু অসুস্থ হৈ পৰিছে। লগতে চিকিৎসাধীন হৈ আছে। চিকিৎসালয়ৰ কৰ্মচাৰীয়ে প্ৰথমে জুই নিৰ্বাপনৰ ব্যৱস্থা গ্ৰহণ কৰে। পিছত তথ্য লাভ কৰি অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়।
কেইবা মিনিটৰ চেষ্টাৰ অন্তত নিয়ন্ত্ৰণলৈ অনা হয় জুই। মুখ্যমন্ত্রী মোহনে সকীয়াই দিয়ে যে ঘটনাৰ তদন্তত যদি কাৰোবাৰ গাফিলতিৰ কথা পোহৰলৈ আহে তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷











