
পশ্চিম এছিয়াৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত দেশৰ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলত দুটা এল পি জি চিলিণ্ডাৰ (LPG Crisis) বুকিং কৰাৰ মাজৰ ব্যৱধান ৪৫ দিনলৈ বৃদ্ধি কৰা হৈছে। এই কথা সংসদত অৱগত কৰে পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে। কিন্তু চহৰ অঞ্চলৰ ক্ষেত্ৰত এই ব্যৱধান এতিয়াও ২৫ দিন।

ৰন্ধন গেছৰ ক’লা বজাৰ ৰোধ কৰিবলৈ কেন্দ্ৰই বুকিঙৰ কামত লৰালৰি কৰিছে। প্ৰথম অৱস্থাত কোৱা হৈছিল যে চিলিণ্ডাৰ বুকিং কৰাৰ ২১ দিন পিছত দ্বিতীয় চিলিণ্ডাৰ বুকিং কৰিব পাৰিব। কিছুদিনৰ ভিতৰতে এই ব্যৱধান ২৫ দিনলৈ বৃদ্ধি পালে।
বৃহস্পতিবাৰে এই বিষয়ত সংসদত এক প্ৰশ্নৰ উত্তৰ দি পেট্ৰ’লিয়াম মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ স্থিতি স্পষ্ট কৰে। তেওঁ কয় যে ২৫ দিনৰ ব্যৱধান কেৱল চহৰ অঞ্চলতহে প্ৰযোজ্য। গাঁৱত গেছ চিলিণ্ডাৰ বুকিং কৰি কমেও ৪৫ দিনৰ পিছত দ্বিতীয় চিলিণ্ডাৰ বুকিং কৰিব পাৰিব।
লোকসভাত মন্ত্ৰীগৰাকীয়ে কয় যে দেশত পেট্ৰ’ল, ডিজেল, কেৰাচিনৰ অভাৱ নাই। লগতে পৰ্যাপ্ত পৰিমাণৰ গেছ মজুত আছে। ইন্ধনক লৈ অপ্ৰয়োজনীয়ভাৱে আতংকিত হোৱাৰ কোনো কাৰণ নাই। ভাৰতে এল পি জিৰ মুঠ চাহিদাৰ প্ৰায় ৬০ শতাংশ আমদানি কৰে। ইয়াৰ অধিকাংশই ইৰাণৰ কাষৰীয়া হৰমুজ প্ৰণালীৰ মাজেৰে আহে।
উক্ত পথত যাতায়াতত ব্যাঘাত জন্মাৰ বাবে এল পি জিৰ যোগান কমিছে। অৱশ্যে চিন্তাৰ কোনো কাৰণ নাই বুলি দাবী কৰে পুৰীয়ে। তেওঁ কয় যে এই পৰিস্থিতিত দেশৰ ভিতৰতে এল পি জি উৎপাদনত গুৰুত্ব দিয়া হৈছে। যোৱা ৮ মাৰ্চত কেন্দ্ৰৰ নিৰ্দেশৰ পিছত উৎপাদন ২৮ শতাংশ বৃদ্ধি পাইছে।
চলিত মাহৰ পৰা বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য। দেশৰ বিভিন্ন প্ৰান্তত এল পি জিক লৈ উদ্বেগ সৃষ্টি হৈছে। অভিযোগ কৰা হৈছে যে চিলিণ্ডাৰ বুকিং হোৱা নাই। বহু লোকে পুনৰ বুকিং কৰিবলৈ সক্ষম হৈছে যদিও চিলিণ্ডাৰ পোৱা নাই। গেছৰ অভাৱৰ বাবে হোটেল, ৰেষ্টুৰেণ্টত হাহাকাৰ লাগিছে।
অৱশ্যে গেছ বুকিং কৰাৰ ডেৰ-দুই দিনৰ ভিতৰত চিলিণ্ডাৰ লাভ কৰা বুলি কেন্দ্ৰৰ দাবী। সেই সময়ছোৱাত কোনো পৰিৱৰ্তন হোৱা নাই। বৃহস্পতিবাৰে সংসদত এই কথাও কয় মন্ত্ৰীগৰাকীয়ে। অৱশ্যে ক’লা বজাৰ ৰোধ কৰিবলৈ বাণিজ্যিক গেছৰ যোগানত কিছু নিয়ন্ত্ৰণ অনা হৈছে বুলি দাবী কৰে।
পশ্চিম এছিয়াৰ সামৰিক সংঘাতৰ কথা উল্লেখ কৰি পুৰীয়ে কয় যে বিশ্বই ইয়াৰ আগতে কেতিয়াও এনে শক্তি সংকটৰ সন্মুখীন হোৱা নাছিল। কিন্তু তেওঁ দাবী কৰে যে হৰমুজ প্ৰণালী বন্ধ হোৱাৰ ফলত ভাৰতত কোনো ধৰণৰ প্ৰভাৱ নপৰে। হৰমুজৰ বাহিৰেও আন পথেৰে ইন্ধন অনা হৈছে।
ভাৰতে ৪০ খন দেশৰ পৰা ক্ৰয় কৰিছে খাৰুৱা তেল। পুৰীৰ মতে, “১০০ শতাংশ চিএনজি যোগান ধৰা হৈছে। এলএনজিৰো অভাৱ নাই।” তেওঁ কয় যে বিভিন্ন বিকল্প পথেৰে প্ৰতিদিনে এল এন জি কাৰ্গো দেশত প্ৰৱেশ কৰি আছে।










