
ইৰাকত দুৰ্ঘটনাগ্ৰস্ত মাৰ্কিন (Iran War) বায়ুসেনাৰ বিমান কেচি-১৩৫ টেংকাৰ। যুদ্ধবিমানত মাজ আকাশত ইন্ধন ভৰোৱাৰ কামত ব্যৱহৃত এই বিমানখন বৃহস্পতিবাৰে পশ্চিম ইৰাকত ভূপতিত হয়। বিমানখনৰ ভিতৰত আছিল পাঁচজন লোক।

অৱশ্যে তেওঁলোক কেনে আছে সেই বিষয়ত এতিয়াও কোনো স্পষ্ট তথ্য নাই। শুকুৰবাৰে পুৱা (ভাৰতীয় সময় অনুসৰি) মাৰ্কিন সেনাৰ চেণ্ট্ৰেল কমাণ্ডে বিমানখন ভূপতিত হোৱাৰ কথা স্বীকাৰ কৰে। উদ্ধাৰকাৰ্য আৰম্ভ হৈছে।
ইৰাকৰ ইৰাণ সমৰ্থিত সশস্ত্ৰ সংগঠন ‘দ্য ইছলামিক ৰেজিষ্টেন্স’-এ এই কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে। তেওঁলোকে দাবী কৰে যে তেওঁলোকে যুদ্ধবিমানখন গুলীয়াই ভূপতিত কৰে। ইৰাকৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবেই এই পদক্ষেপ লোৱা বুলিও তেওঁলোকে দাবী কৰে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে আমেৰিকাই পোনপটীয়াকৈ একো কোৱা নাই।
আমেৰিকাই জনাইছে যে দুয়োখন বিমানে বন্ধুত্বপূৰ্ণ দেশ ইৰাকৰ আকাশমাৰ্গ ‘অপাৰেচন এপিক ফিউৰি’ (ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ সামৰিক অভিযানৰ নাম)ৰ বাবে ব্যৱহাৰ কৰিছিল। এখন বিমান নিৰাপদে অৱতৰণ কৰাৰ বিপৰীতে আনখন বিমান পশ্চিম ইৰাকত দুৰ্ঘটনাগ্ৰস্ত হয়।
নাম প্ৰকাশ নকৰাৰ চৰ্তত আমেৰিকাৰ এগৰাকী বিষয়াই কয় যে দ্বিতীয়খন বিমানো কেচি-১৩৫ টেংকাৰ। অৱশ্যে বহু কথা এতিয়াও স্পষ্ট হোৱা নাই। উদাহৰণস্বৰূপে, কেচি-১৩৫ টেংকাৰত সাধাৰণতে তিনিজন লোক থাকে। বৃহস্পতিবাৰে দুজন বেছি আছিল।
ইৰাণৰ সৈতে হোৱা যুদ্ধৰ সময়ত কিয় অতিৰিক্ত দুজন লোকক নিৰাপত্তাজনিত বিপদত বিমানখনত উঠিবলৈ দিয়া হৈছিল সেয়া স্পষ্ট নহয়। অৱশ্যে এই সন্দৰ্ভত পৰৱৰ্তী সময়ত বিতং তথ্য প্ৰদান কৰিব বুলি আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে প্ৰকাশ কৰিছে। তেতিয়ালৈকে সকলোকে ধৈৰ্য ধৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
কেচি-১৩৫ বিমানখন ১৯৫০ আৰু ১৯৬০ চনত আমেৰিকাৰ কোম্পানী বয়িঙে নিৰ্মাণ কৰিছিল। আমেৰিকাৰ যুঁজাৰু বিমানে যেতিয়া দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰে তেতিয়া এই বিমানবোৰে মাজ আকাশত ইন্ধন ভৰায়। তেনে ক্ষেত্ৰত যুদ্ধ বিমানসমূহে ইন্ধন ভৰোৱাৰ বাবে অৱতৰণ কৰিব নালাগে।
বৃহস্পতিবাৰৰ এই ঘটনাৰ পিছত ইৰাণ যুদ্ধত মুঠ চাৰিখন আমেৰিকান বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। ইয়াৰ পূৰ্বে আমেৰিকাৰ মিত্ৰ কুৱেইটে ভুলতে তিনিখন আমেৰিকাৰ বিমান গুলীয়াই ভূপতিত কৰিছিল। বৃহস্পতিবাৰৰ এই আক্ৰমণ ইৰাণৰ আক্ৰমণ নে অনুৰূপ ভুল সেই বিষয়ে স্পষ্ট কৰা নাই পেণ্টাগনে।
পশ্চিম এছিয়াৰ যুদ্ধত এতিয়ালৈকে ৭ জন জোৱানৰ মৃত্যু হোৱা বুলি আমেৰিকাই প্ৰকাশ কৰিছে। কুৱেইটৰ বন্দৰত ইৰাণৰ ড্ৰ’ন আক্ৰমণত ৬ জন লোক নিহত হয় আৰু ছৌদি আৰৱৰ প্ৰিন্স চুলতান এয়াৰ বেছত ইৰাণৰ আক্ৰমণত এজন লোক নিহত হয়।











