
পুৰীৰ জগন্নাথ মন্দিৰৰ দৰে এতিয়াৰে পৰা উত্তৰাখণ্ডৰ কেদাৰনাথ-বদ্ৰীনাথ মন্দিৰত (Kedarnath Yatra) কেৱল হিন্দুসকলকহে প্ৰৱেশৰ অনুমতি দিয়া হ’ব।

মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা ব’ৰ্ডে অনা হিন্দুৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ প্ৰস্তাৱ গৃহীত কৰিছে। বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিৰ সভাপতি হেমন্ত দ্বিবেদীৰ অধ্যক্ষতাত অনুষ্ঠিত ব’ৰ্ডৰ বৈঠকত এই সিদ্ধান্ত লোৱা বুলি শ্ৰীগংগোত্ৰী মন্দিৰ সমিতিয়ে প্ৰকাশ কৰে। সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱত অনুমোদন জনোৱা হয়।
বুধবাৰে দ্বিবেদীয়ে কয়, “অহা মাহত তীৰ্থযাত্ৰাৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে নতুন নিয়ম কাৰ্যকৰী কৰা হ’ব। এই নিয়ম অনুসৰি অনা হিন্দুসকলে মন্দিৰ চৌহদ বা অভয়াৰণ্যত প্ৰৱেশ কৰিব নোৱাৰিব।” তেওঁ দাবী কৰে যে কেদাৰ-বদ্ৰীনাথ মন্দিৰত অনা হিন্দুৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ এই প্ৰথা আদি শংকৰাচাৰ্যৰ সময়ৰ পৰাই চলি আহিছে।
ভাৰতীয় সংবিধানে ধৰ্মীয় স্থান পৰিচালনাৰ অধিকাৰ সংশ্লিষ্ট ব’ৰ্ডৰ হাতত দিয়া বুলি উল্লেখ কৰি দ্বিবেদীয়ে কয়, “এই ক্ষেত্ৰত ব’ৰ্ডৰ সিদ্ধান্ত চূড়ান্ত। বদ্ৰীনাথ আৰু কেদাৰনাথ পৰ্যটনস্থলী নহয়, বৰঞ্চ বিশ্বাসৰ কেন্দ্ৰ। এইবোৰ বৈদিক আধ্যাত্মিকতাৰ কেন্দ্ৰ, যিটো আদি শংকৰাচাৰ্যই প্ৰতিষ্ঠা কৰিছিল। ভাৰতীয় সংবিধানৰ ২৬ অনুচ্ছেদত প্ৰতিটো ধৰ্মীয় সম্প্ৰদায়ক নিজৰ ধৰ্মীয় বিষয় পৰিচালনাৰ অধিকাৰ প্ৰদান কৰা হৈছে ।”
তুলনামূলকভাৱে বিজেপিশাসিত উত্তৰাখণ্ডত চলিত বৰ্ষৰ ২৩ এপ্ৰিলত বদ্ৰীনাথ ধামৰ দুৱাৰ মুকলি হোৱাৰ কথা । আৰু ২২ এপ্ৰিলত কেদাৰনাথ ধামৰ দুৱাৰ মুকলি হ’ব।
১৯ এপ্ৰিলৰ পৰা অক্ষয় ত্ৰিতীয়াৰ দিনা আৰম্ভ হ’ব চাৰধাম যাত্ৰা। সেইদিনা চলিত ঋতুৰ বাবে গংগোত্ৰী আৰু যমুনোত্ৰী মন্দিৰৰ দুৱাৰো মুকলি কৰা হ’ব। শ্ৰীগংগোত্ৰী মন্দিৰ সমিতিয়ে জনাইছে যে শতিকা পুৰণি কেদাৰনাথ-বদ্ৰীনাথ মন্দিৰকে ধৰি মুঠ ৪৫টা মন্দিৰৰ বাবে একে নিয়ম (অনা হিন্দুৰ প্ৰৱেশ নিষেধাজ্ঞা) জাৰি কৰা হ’ব।
শ্ৰীগংগোত্ৰী মন্দিৰ সমিতিৰ অধ্যক্ষ সুৰেশ ছেমৱালে জানুৱাৰী মাহত অনা হিন্দুৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ পদক্ষেপৰ কথা ঘোষণা কৰি কৈছিল, “উত্তৰাখণ্ডৰ ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয়। পূৰ্বতে এই মন্দিৰসমূহত কেৱল হিন্দুসকলকহে প্ৰৱেশ কৰিবলৈ দিয়া হৈছিল। অনা বিজেপি চৰকাৰৰ সময়ত সেই ঐতিহ্য ম্লান হোৱাৰ পথত আছিল। গতিকে পুৰণি বিষয়টো যাতে সম্পূৰ্ণ সন্মতিৰে পুনৰ প্ৰতিষ্ঠা হয় তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব।”










