
বুধবাৰে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীলৈ সেনা অৱদান আগবঢ়োৱা ৩০ খন দেশে ইজৰাইলৰ সেনাই লেবাননত বাৰে বাৰে কৰা আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰে। ইৰাণ-ইৰাক যুদ্ধৰ প্ৰেক্ষাপটত (Israel Attack) লেবাননৰ ছিয়া উসন্ত্ৰাসবাদী সংগঠন হিজবুল্লাৰ পুনৰ আক্ৰমণক সমালোচনা কৰা হৈছে যৌথ বিবৃতিটোত।

ভাৰতকে ধৰি মুঠ ৫০ খন দেশে লেবাননত থকা ৰাষ্ট্ৰসংঘৰ অন্তৱৰ্তীকালীন বাহিনীলৈ সেনা প্ৰেৰণ কৰিছে। ইয়াৰে ৩০ খন দেশেই এই বিবৃতি প্ৰকাশ কৰে।
ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত পাৰ্বথানা হৰিশে বুধবাৰে এক্স পোষ্টত এই পদক্ষেপৰ কথা ঘোষণা কৰি লিখিছে, “আজি মই আমাৰ অংশীদাৰসকলৰ সৈতে যোগ দি ইউ এন আই এফ এলে শান্তিৰক্ষী হিচাপে নিয়োজিত সাহসী পুৰুষ-মহিলাসকলৰ প্ৰতি আমাৰ সমৰ্থন প্ৰদৰ্শন কৰিছোঁ, কিয়নো তেওঁলোকে ক্ৰমাৎ সংকট আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।”
ভাৰতীয় শান্তিৰক্ষী বাহিনীয়ে নিজৰ কৰ্তব্য পালন অব্যাহত ৰাখিছে আৰু এই কঠিন সময়ত স্থানীয় ৰাইজক সহায় কৰি আছে বুলি হৰিশে কয়। উল্লেখ্য, ২৮ ফেব্ৰুৱাৰীত ইজৰাইলী সেনাই ইৰাণৰ মাটিত আক্ৰমণ কৰাৰ পিছত তেহৰাণ সমৰ্থিত হিজবুল্লাই প্ৰতিশোধ লয়।
ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে টেল আভিভে ৰাজধানী বেইৰুটকে ধৰি লেবাননৰ এক বৃহৎ অঞ্চলত ক্ষেপণাস্ত্ৰ আৰু বিমান আক্ৰমণ চলায়। ফলত এই পৰ্যন্ত কমেও ৮ লাখ লোক স্থানচ্যুত হৈছে। তাত নিয়োজিত শান্তিৰক্ষী বাহিনীৰ সুৰক্ষাৰ ওপৰতো সন্দেহৰ সৃষ্টি হৈছে। এই পৰিস্থিতিত হৰিশে মন্তব্য কৰে, “আমি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ২৫৮৯ নং প্ৰস্তাৱ অনুসৰি শান্তিৰক্ষী বাহিনীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি আমাৰ দায়বদ্ধতাক উজ্জ্বল কৰি তুলিছো।”











