
জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেচনেল কনফপাৰেন্স দলৰ নেতা ফাৰুক আব্দুল্লাৰ (Farooq Abdullah) ওপৰত গুলীচালনা। সংবাদ সংস্থা পি টি আইৰ মতে, বুধবাৰে জম্মুৰ বৃহত্তৰ কৈলাসত ফাৰুক আব্দুল্লা আৰু উপ-মুখ্যমন্ত্ৰী সুৰিন্দৰ চৌধুৰী এখন বিবাহ অনুষ্ঠানলৈ গৈছিল।

অভিযোগ অনুসৰি, অনুষ্ঠানৰ পৰা ওলাই যোৱাৰ সময়ত শূন্য দূৰত্বৰ পৰা এজন লোকে তেওঁৰ ওপৰত গুলীচালনা কৰে। অৱশ্যে গুলীটো লক্ষ্যভ্ৰষ্ট হেৰুৱাত তেওঁ কথমপি ৰক্ষা পৰে। আনহাতে, সুৰিন্দৰো কোনো ক্ষতি হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, বুধবাৰে বৃহত্তৰ কৈলাসত নেচনেল কনফাৰেন্সৰ নেত্ৰী বি এছ চৌহানৰ কন্যাক বিয়াত শুভেচ্ছা জনাবলৈ ফাৰুক আৰু সুৰিন্দৰে এক অনুষ্ঠানলৈ গৈছিল। বিয়াৰ স্থানৰ পৰা ওলাই যাওঁতে হঠাতে এজন লোকে তেওঁক পিছফালৰ পৰা গুলীচালনা কৰিবলৈ চেষ্টা কৰে।
সেই স্থানৰ পৰা চিচিটিভি ফুটেজত দেখা গৈছে যে মানুহজনে ফাৰুক আব্দুল্লাৰ ওপৰত গুলীচালনা কৰিবলৈ চেষ্টা কৰাৰ দৃশ্য। অৱশ্যে নিৰাপত্তাৰক্ষীৰ তৎপৰতাত তেওঁ ৰক্ষা পৰে। উপস্থিত নিৰাপত্তাৰক্ষীয়ে অভিযুক্তক আটক কৰাৰ লগতে বন্দুকটোও কাঢ়ি লয়।
পিছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। ধৃত ব্যক্তিজনৰ নাম কমল সিং জামৱাল (৬৩)। তেওঁ জম্মুৰ বাসিন্দা। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত সুৰামত্ত অৱস্থাত আছিল। তেওঁৰ জেৰা অব্যাহত আছে।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই বাহিৰত ৰৈ আছিল আৰু ফাৰুক আব্দুল্লাৰ ওপৰত চকু ৰাখিছিল।
ওলাই অহাৰ লগে লগে অভিযুক্তই পিছফালৰ পৰা গুলী চলাবলৈ চেষ্টা কৰে। কিন্তু আৰক্ষীৰ তৎপৰতাত তেওঁ এটাতকৈ অধিক গুলী চলাব নোৱাৰিলে। আৰক্ষীৰ সূত্ৰ অনুসৰি, কমলে বিগত ২০ বছৰ ধৰি ফাৰুক আব্দুল্লাৰ ওপৰত গুলীচালনা কৰিবলৈ অপেক্ষা কৰি আছিল বুলি জানিবলৈ দিয়ে। অৱশ্যে অভিযুক্তৰ এই কাৰ্যৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।
এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে সুৰিন্দৰে। তেওঁ কয়, “নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে জনা উচিত যে তেওঁলোকৰ ফালৰ পৰা ইমান ডাঙৰ গাফিলতি কেনেকৈ হ’ল।” তেওঁৰ প্ৰশ্ন, “কাৰো আমন্ত্ৰণ অবিহনে বন্দুক লৈ এনে অনুষ্ঠানত কেনেকৈ প্ৰৱেশ কৰিব পাৰিলে?”
ইফালে ফাৰুক-পুত্ৰ তথা জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই নিজৰ এক্স হেণ্ডেলত কয় যে তেওঁৰ পিতৃৰ কোনো ক্ষতি হোৱা নাই। তেওঁ লিখিছে, ‘আল্লাহে দয়া কৰিছে। মোৰ দেউতা অলপৰ বাবে ৰক্ষা পৰিল। এই মুহূৰ্তত সবিশেষ স্পষ্ট নহয়, কিন্তু যিটো জনা যায় সেয়া হ’ল যে গুলীভৰ্তি পিষ্টল লৈ এজন ব্যক্তিয়ে মোৰ দেউতাক অতি ওচৰৰ পৰা গুলীচালনা কৰিছিল।
কেৱল ক্ল’জ প্ৰটেকচন টীমেহে (চি পি টি) গুলীটো লক্ষ্যভ্ৰষ্ট কৰিবলৈ সক্ষম হৈছিল আৰু মোৰ দেউতা নিৰাপদ। প্ৰশ্নটো হ’ল, বন্দুক থকা ব্যক্তিজনে কেনেকৈ এন এছ জিৰ নিৰাপত্তা আৰু জেড-প্লাছ নিৰাপত্তা থকা এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ইমান ওচৰ চাপিব পাৰিলে।”











