
ভাৰতকে ধৰি ১৬ খন দেশৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিব পাৰে আমেৰিকাই (US Tarrif) । বুধবাৰে ড’নাল্ড ট্ৰাম্প প্ৰশাসনে ইয়াৰ ইংগিত দিয়ে। হোৱাইট হাউছে উক্ত ১৬ খন দেশে নিয়ম পালন নকৰাকৈ ব্যৱসায় কৰাৰ অভিযোগ উত্থাপন কৰিছে। যাৰ বাবে আমেৰিকাই এই দেশসমূহৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।

ভাৰতৰ উপৰি ১৬ খন দেশৰ তালিকাত চীন, জাপান, দক্ষিণ কোৰিয়া, টাইৱান আৰু ইউৰোপীয় ইউনিয়ন (ইউৰোপীয় কেইবাখনো দেশৰ গোট) অন্তৰ্ভুক্ত। উপৰি উক্ত দেশসমূহ আমেৰিকাৰ গুৰুত্বপূৰ্ণ বাণিজ্যিক অংশীদাৰ। ইয়াৰ উপৰি ট্ৰাম্প প্ৰশাসনে ছুইজাৰলেণ্ড, নৰৱে, ইণ্ডোনেছিয়া, ছিংগাপুৰ, থাইলেণ্ড, মালয়েছিয়া, কম্বোডিয়া, ভিয়েটনাম আৰু বাংলাদেশৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।
বুধবাৰে আমেৰিকাৰ অন্যতম বাণিজ্য প্ৰতিনিধি জেমছন গ্ৰীয়ে কয় যে এই তদন্ত ১৯৭৪ চনৰ বাণিজ্য আইন ৩০১ ধাৰাত চলি আছে। তদন্তত যদি কিবা অন্যায় বা অনিয়ম ধৰা পৰে তেন্তে দেশসমূহৰ বিৰুদ্ধে নতুন আমদানি শুল্ক আৰোপ কৰা হ’ব বুলিও তেওঁ কয়। আমেৰিকাৰ অভিযোগ যে ১৬ খন দেশে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় চাহিদাৰ লগত মিল নোহোৱাকৈ ঘৰুৱা উৎপাদন ক্ষমতা বৃদ্ধি কৰিছে।
হোৱাইট হাউছে লগতে অভিযোগ উত্থাপন কৰিছে যে কিছুমান দেশে নিজৰ চৰকাৰী উদ্যোগ ব্যৱহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত কম মূল্যত বৃহৎ পৰিমাণৰ সামগ্ৰী বিতৰণ কৰিছে।
আমেৰিকাই দাবী কৰিছে যে আৰু ৬০ খন দেশে বলপূৰ্বকভাৱে ঘৰুৱা উৎপাদন বৃদ্ধি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। সেই দেশসমূহৰ বিৰুদ্ধেও একেধৰণৰ তদন্ত আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে হোৱাইট হাউছে।
গ্ৰীৰে কয়, “ৰাষ্ট্ৰপতি ট্ৰাম্পে নিয়ম মানি নচলিলে বাণিজ্য বন্ধ কৰিব বিচাৰে। তেনে ক্ষেত্ৰত তেওঁ সেই দেশসমূহৰ ওপৰত পুনৰ শুল্ক আৰোপ কৰিব পাৰে।” একে সময়তে তেওঁ কয়, “তেওঁ আমাৰ বাণিজ্যিক ঘাটি হ্ৰাস কৰাৰ লগতে আমাৰ ঘৰুৱা উৎপাদন সুৰক্ষিত কৰাৰ উপায় বিচাৰিছে।” উল্লেখ্য যে এক ৰায়দানত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ট্ৰাম্পৰ অতিৰিক্ত আমদানি শুল্ক আৰোপ কৰাৰ নীতি বাতিল কৰিছে।
আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৰ্থনৈতিক ক্ষমতা আইনৰ (আই ই ই পি এ) জৰিয়তে বিভিন্ন দেশৰ ওপৰত আৰোপ কৰা অতিৰিক্ত শুল্ক আৰু কাৰ্যকৰী নহ’ব বুলি উল্লেখ কৰে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে। সেই হাৰত আৰু শুল্ক সংগ্ৰহ কৰা নহ’ব। উচ্চতম ন্যায়ালয়ত এই বিপৰ্যয়ৰ পিছত ট্ৰাম্পে প্ৰতিখন দেশৰ ওপৰত ১৫ শতাংশ ‘অস্থায়ী শুল্ক’ ঘোষণা কৰে।
কিন্তু আমেৰিকান কংগ্ৰেছৰ অনুমোদন অবিহনে ১৫০ দিনতকৈ অধিক সময়ৰ বাবে এনে শুল্ক কাৰ্যকৰী কৰিব নোৱাৰি। এই পৰিস্থিতিত আমেৰিকাই উল্লেখ কৰিছে যে উক্ত ১৬ খন দেশৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া সেই সময়সীমাৰ ভিতৰত সম্পূৰ্ণ হ’ব।











