
চত্তীশগড়ৰ বষ্টাৰ (Bastar of Chhattisgarh)ত একেলগে আত্মসমৰ্পণ ১০৮ জন মাওবাদী (108 Maoists)ৰ। বুধবাৰে জিলা আৰক্ষী আৰু প্ৰশাসনৰ ওচৰত তেওঁলোকে আত্মসমৰ্পণ (Maoist surrender) কৰে। আত্মসমৰ্পণ কৰা মাওবাদীৰ পৰা জব্দ কৰিছে বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। কেৱল সেয়াই নহয়, এক কেজি সোণো উদ্ধাৰ হৈছে যাৰ বজাৰ মূল্য ১ কোটি ৬৪ লাখ টকা। আৰক্ষীৰ তথ্য অনুসৰি, আত্মসমৰ্পণ কৰা মাওবাদীসকলৰ মুঠ মূৰৰ মূল্য আছিল ৩ কোটি ৬১ লাখ টকা।
উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পূৰ্বে ঘোষণা কৰিছিল যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত মাওবাদীক দেশৰ পৰা নিঃশেষ কৰা হ’ব। সেই সময়সীমা আহি আছে। ইয়াৰ মাজতে বুধবাৰে বস্তাৰত ১০৮ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰে। যোৱা কেইমাহমানৰ ভিতৰত শ শ মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে।

তেওঁলোকৰ বহুতেই আছিল শীৰ্ষ নেতা। কেৱল সেয়াই নহয়, নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত বহু মাওবাদীৰ মৃত্যুও হৈছে। অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, ছত্তীশগড়ৰ দৰে ৰাজ্যত এতিয়াও চলি আছে মাওবাদী দমন অভিযান। ইফালে, বুধবাৰে বষ্টাৰত অধিক মাওবাদীয়ে আত্মসমৰ্পণ কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, আত্মসমৰ্পণ কৰা মাওবাদীসকলৰ ভিতৰত ছয়জন সংমণ্ডল সমিতিৰ সদস্য আছে। তেওঁলোকৰ প্ৰত্যেকৰে মূৰৰ ওপৰত ৮ লাখ টকাৰ মূল্য আছিল। আত্মসমৰ্পণ কৰা মাওবাদীকেইজন দণ্ডকাৰণ্য বিশেষ খণ্ড সমিতিৰ সদস্য। মূলতঃ জগদলপুৰত সক্ৰিয় আছিল তেওঁলোক। আত্মসমৰ্পণ কৰা মাওবাদীসকলৰ পৰা ১০১টা অস্ত্ৰ উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইয়াৰ ভিতৰত আছে AK 47, INSAS, SLR, লাইট মেচিনগান, বেৰেল গ্ৰেনেড লঞ্চাৰৰ দৰে অস্ত্ৰ।











