
উচ্চতম ন্যায়ালয়ে (Suprem Court of India) হৰিশ ৰাণা (Harish Rana) নামৰ এজন ব্যক্তিক ইচ্ছামৃত্যুৰ অনুমতি প্ৰদান (Permission for euthanasia) কৰিছে। দেশৰ ভিতৰতে এইটো হ’ব এনেধৰণৰ প্ৰথমটো ঘটনা।
উল্লেখযোগ্য যে বিগত ১৩ বছৰে বিছনাত পৰি আছে ২২ বছৰীয়া হৰিশ (22-year-old Harish)। দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত অৱশেষত শীৰ্ষ আদালতে হৰিশৰ ইচ্ছামৃত্যুৰ অনুমতি দিয়ে। পিতৃ-মাতৃৰ অনুৰোধত জীৱন ধাৰণকাৰী চিকিৎসা প্ৰত্যাহাৰৰ অনুমতি প্ৰদান কৰিছে আদালতে। ইয়াৰ উপৰি কেন্দ্ৰই ইচ্ছামৃত্যু সম্পৰ্কে এক নিৰ্দিষ্ট আইন অনাৰ কথাও চিন্তা কৰা উচিত বুলি কয়।
উল্লেখযোগ্য যে দিল্লীৰ যুৱক হৰিশ বিগত ১৩ বছৰে বিছনাত পৰি আছে। কোৱাড্ৰিপ্লেজিয়াৰ বাবে তেওঁ শয্যাশায়ী। বাহিৰৰ জগতখন বা নিজৰ অস্তিত্বৰ বিষয়েও তেওঁ সচেতন নহয়। তেওঁৰ মাত্ৰ জীৱনটো আছে। তেওঁক ‘পেচিভ ইউথেনাচিয়া’ দিব পাৰিনে? উচ্চতম ন্যায়ালয়ে ইয়াৰ তদন্তৰ বাবে নয়ডা জিলা চিকিৎসালয়ত মেডিকেল ব’ৰ্ড গঠনৰ নিৰ্দেশ দিছিল। চলিত বৰ্ষৰ জানুৱাৰী মাহত উচ্চতম ন্যায়ালয়ত এই গোচৰৰ শুনানি গ্ৰহণ কৰা হৈছিল। মেডিকেল ব’ৰ্ড আৰু কেন্দ্ৰৰ সৈতে বহুস্তৰীয় আলোচনাৰ অন্তত উচ্চতম ন্যায়ালয়ে ৰায়দান স্থগিত ৰাখে।
হৰিশ আছিল পঞ্জাৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ। ২০১৩ চনত হোষ্টেলৰ পঞ্চম মহলাৰ পৰা পৰি আঘাতপ্ৰাপ্ত হয়। তেতিয়াৰ পৰা সম্পূৰ্ণ বিছনাত পৰি আছে। উচ্চতম ন্যায়ালয়ে ২০২৪ চনত এই গোচৰটোক ‘অতি কঠিন সমস্যা’ বুলি অভিহিত কৰিছিল।

মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে। হৰিশৰ ইউথেনাচিয়া বা ইচ্ছামৃত্যুৰ ৰায়দান দিওঁতে বিচাৰকৰ বিচাৰপীঠে উইলিয়াম শ্বেক্সপীয়েৰৰ ‘হেমলেট’ৰ বিখ্যাত শাৰী ‘To be or not to be’ৰ কথা উল্লেখ কৰে। আদালতে কয় যে ভাৰতত সক্ৰিয় ইউথেনাচিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ। আদালতে লগতে কয় যে দুটা কাৰকৰ ওপৰত ভিত্তি কৰি ইউথেনাচিয়াৰ অনুমতি দিয়া হৈছে- এটা, হৰিশৰ চিকিৎসাৰ প্ৰকৃতি আৰু দ্বিতীয়তে, ৰোগীৰ বাবে কি উত্তম। এইবোৰ দিশ বিবেচনা কৰি হৰিশৰ ইচ্ছামৃত্যুৰ অনুমতি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। লগে লগে চৰ্চালৈ আহে ২০১৮ চনৰ ‘কমন ক’জ’ বনাম ‘ইণ্ডিয়া ইউনিয়ন’ গোচৰ। উক্ত গোচৰত উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায় দিছিল। সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত মৰ্যাদাৰে মৃত্যুৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছিল।
আদালতে লগতে কয়, “পঞ্জাৱ বিশ্ববিদ্যালয়ৰ এজন মেধাৱী ছাত্ৰ আছিল হৰিশ ৰাণা। বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ পঞ্চম মহলাৰ পৰা পৰি মগজুত গুৰুতৰভাৱে আঘাত পাইছিল।কিন্তু তেতিয়াৰ পৰাই তেওঁ বিছনাত পৰি আছে। অচেতন অৱস্থাত জীয়াই থাকিবলগীয়া হৈছে। তেওঁ সম্পূৰ্ণ আনৰ ওপৰত নিৰ্ভৰশীল। ১৩ বছৰ চিকিৎসাৰ পিছতো শাৰীৰিক উন্নতি হোৱা নাই।” বিচাৰকসকলে হৰিশৰ পিতৃ-মাতৃৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ প্ৰশংসা কৰে। তেওঁলোকে কয়, “তেওঁলোকে ১৩টা দীঘলীয়া বছৰ পুত্ৰৰ কাষৰ পৰা এৰি যোৱা নাছিল। প্ৰাথমিক আৰু মাধ্যমিক দুয়োটা চিকিৎসা ব’ৰ্ডে কৈছে যে এই পৰিস্থিতিত হৰিশৰ বাবে কৃত্ৰিম খাদ্য আৰু সকলো চিকিৎসা বন্ধ কৰাটোৱেই উত্তম।” দিল্লীৰ এইমছত হৰিশক ভৰ্তি কৰাৰ নিৰ্দেশ দিয়ে আদালতে। তাত তেওঁৰ জীৱন ধাৰণকাৰী ব্যৱস্থাটো অতি মৰ্যাদাৰে আৰু নিৰ্দিষ্ট পৰিকল্পনাৰ জৰিয়তে আঁতৰাই পেলাব লাগিব।
উল্লেখযোগ্য যে হৰিশৰ পিতৃ-মাতৃয়ে মেডিকেল ইউথেনাচিয়া বিচাৰি আদালতৰ কাষ চাপিছিল। তেওঁলোকে কয় যে ২০১৩ চনৰ পৰা তেওঁলোকৰ পুত্ৰ বিছনাত পৰি আছে। তেওঁৰ আৰোগ্য হোৱাৰ কোনো সম্ভাৱনা নাই। দিনক দিনে বৃদ্ধি পাইছে এই ৰোগ। এনে পৰিস্থিতিত পুত্ৰৰ দুখ-কষ্ট লাঘৱ কৰিবলৈ তেওঁৰ মৃত্যুৰ প্ৰয়োজন। কিন্তু প্ৰত্যক্ষ ইউথেনাচিয়াৰ পৰিৱৰ্তে হৰিশক পৰোক্ষভাৱে ইউথেনাচিয়া কৰিবলৈ অনুৰোধ কৰা হয়। প্ৰত্যক্ষ ইউথেনাচিয়াত চিকিৎসকে ইচ্ছাকৃতভাৱে ৰোগীৰ দুখ-কষ্ট লাঘৱ কৰিবলৈ ঔষধ দিয়ে, যাৰ ফলত সোনকালে মৃত্যু হয়। এই ক্ষেত্ৰত অনুৰোধ কৰা হোৱা নাছিল। এই ক্ষেত্ৰত ইয়াৰ দ্বাৰা চিকিৎসা শেষ কৰা, লাইফ ছাপ’ৰ্ট প্ৰত্যাহাৰ কৰা আৰু ইউথেনাইজ কৰা বুলি কোৱা হয়।











