
আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে যুদ্ধৰ পৰিপ্ৰেক্ষিতত ইৰাণে হৰমুজ প্ৰণালী বন্ধ কৰাৰ বাবে ভাৰতত ৰন্ধন গেছৰ (এল পি জি) মূল্য (LPG Crisis) বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালকৈ যোগানৰ ক্ষেত্ৰতো টান পৰিছে।

এনে পৰিস্থিতিত মালিক সংগঠন ‘আহাৰ’-এ দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইৰ ২০ শতাংশ হোটেল আৰু ৰেষ্টুৰেণ্ট বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে দেশৰ আন কিছুমান চহৰতো এনে হ’ব পাৰে বুলি ইংগিত পোৱা গৈছে। এনে পৰিস্থিতিত মঙলবাৰে পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিস্থিতিৰ পৰ্যালোচনা কৰে।
এল পি জি সংকটৰ সৈতে মোকাবিলা কৰিবলৈ সোমবাৰে চৰকাৰী সূত্ৰই কয় যে কেন্দ্ৰই ঔদ্যোগিক ব্যৱহাৰৰ বাবে উদ্দেশ্য কৰা এল এন জি (তৰলীকৃত প্ৰাকৃতিক গেছ) ঘৰুৱা ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিব পাৰে। বুকিং নিয়ম সলনি কৰাৰ বিষয়েও অৱগত কৰা হয়।
পশ্চিম এছিয়াৰ যুদ্ধৰ প্ৰভাৱৰ পৰা ঘৰুৱা খণ্ডৰ গ্ৰাহকক সুৰক্ষা প্ৰদানৰ বাবে মোদী চৰকাৰে কাৰ্যকৰী কৰা কৌশলগত পৰিকল্পনাৰ এটা অংশ। চৰকাৰী তেল আৰু প্ৰাকৃতিক গেছ কোম্পানী ইণ্ডিয়ান অইল কৰ্প’ৰেচনে মঙলবাৰে কয় যে ঘৰুৱা এল পি জি ব্যৱহাৰক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হ’ব। চিকিৎসালয়, শিক্ষানুষ্ঠানৰ দৰে প্ৰতিষ্ঠানেও প্ৰাধান্য লাভ কৰিব।
আই অ’ চি কৰ্তৃপক্ষই জনোৱা মতে, এল পি জি যোগানৰ ক্ষেত্ৰত কোনবোৰ প্ৰতিষ্ঠানিক খণ্ডক অগ্ৰাধিকাৰ দিয়া হ’ব তাৰ পৰ্যালোচনাৰ বাবে চৰকাৰী তেল কোম্পানীসমূহৰ এখন সমিতিও গঠন কৰা হৈছে। তেল বিপণন কোম্পানীৰ (অ’ এম চি) তিনিজন কাৰ্যবাহী সঞ্চালকৰ (ই ডি) সৈতে গঠন কৰা হৈছে কমিটীখন।
এই সমিতিখনে হোটেল, ৰেষ্টুৰেণ্ট আৰু অন্যান্য উদ্যোগৰ পৰা অহা আবেদনসমূহ পৰ্যালোচনা কৰি সামগ্ৰীৰ যোগ্যতা, প্ৰয়োজনীয়তা আৰু উপলব্ধতাৰ ওপৰত ভিত্তি কৰি গেছ বিতৰণ কৰিব। ঘৰুৱা কোম্পানীসমূহে বিকল্প পথৰ জৰিয়তে তেল আৰু গেছ আমদানি কৰাৰ দিশত চকু ৰাখিছে। উৎপাদনো বৃদ্ধি কৰা হৈছে।
ৰাছিয়া, আমেৰিকাৰ উপৰি তেল কোম্পানীসমূহে ইতিমধ্যে দক্ষিণ আমেৰিকা আৰু পশ্চিম আফ্ৰিকাৰ বিভিন্ন দেশৰ কোম্পানীসমূহৰ সৈতে কথা পাতি বিকল্প উৎস বিচাৰিছে। ভাৰতে ইয়াৰ পেট্ৰ’লিয়াম সামগ্ৰীৰ প্ৰায় ৮৮ শতাংশ আমদানি কৰে। ইয়াৰে প্ৰায় ৫০ শতাংশ ইৰাণ আৰু ওমানৰ মাজৰ হৰমুজ প্ৰণালীৰ মাজেৰে ইৰাক, চৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী, কুৱেইট আদি দেশৰ পৰা আহে।
আকৌ ভাৰতৰ প্রয়োজনীয় তৰলীকৃত প্রাকৃতিক গেছৰ (LNG) প্রায় ৬০ শতাংশ এই চেনেলৰ জৰিয়তে আমদানি কৰা হয়৷ ইয়াক কাটাৰ আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ দৰে দেশৰ পৰা ক্ৰয় কৰা হয়। যোৱা বছৰ ড’নাল্ড ট্ৰাম্প প্ৰশাসনে ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ পিছত ভাৰতে পশ্চিম এছিয়াৰ দেশসমূহৰ ওপৰত অধিক গুৰুত্ব দি আহিছিল।
কিন্তু এতিয়া যুদ্ধৰ বাবে ইৰাণে নতুন দিল্লীৰ হৰমুজ প্ৰণালীৰ মাজেৰে বাণিজ্যিক জাহাজ চলোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে।
উল্লেখ্য যে ভাৰতে হৰমুজ প্ৰণালীৰ জৰিয়তে প্ৰয়োজনীয় এল পি জিৰ ৬২ শতাংশ আমদানি কৰে। ভাৰতে বছৰি প্ৰায় ৩ কোটি ১৩ লাখ টন এল পি জি ব্যৱহাৰ কৰে।
ইয়াৰে ৮৭ শতাংশ ঘৰুৱা খণ্ড আৰু ১৩ শতাংশ বাণিজ্যিক খণ্ডই (হোটেল, ৰেষ্টুৰেণ্ট, উদ্যোগ ইত্যাদি) ব্যৱহাৰ কৰে। ভোটাৰ আৰু সাধাৰণ পৰিয়ালক সুৰক্ষা দিবলৈ চৰকাৰে ঘৰুৱা ৰন্ধন গেছক অগ্ৰাধিকাৰ দিছে। ফলত বজাৰ মূল্যৰ চিলিণ্ডাৰৰ ওপৰত নিৰ্ভৰশীল বাণিজ্যিক খণ্ডই যোগানৰ ভয়াৱহ সংকটৰ সন্মুখীন হৈছে।
মঙলবাৰে ‘ইণ্ডিয়া হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছোচিয়েচন’-এ এই পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে। এই সংকটৰ সৈতে মোকাবিলা কৰিবলৈ পেট্ৰ’লিয়াম মন্ত্ৰালয়ে শোধনাগাৰসমূহক পেট্ৰ’কেমিকেল সামগ্ৰীৰ উৎপাদন হ্ৰাস কৰাৰ লগতে এল পি জি উৎপাদন বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে।
মজুত আৰু ব্লেক মাৰ্কেটিং ৰোধ কৰিবলৈ ঘৰুৱা ব্যৱহাৰকাৰীৰ বাবে এল পি জি ৰিফিল বুকিং চক্ৰ পূৰ্বৰ ২১ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি কৰা হৈছে। হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডে এক বিবৃতিত কয় যে ভূ-ৰাজনৈতিকভাৱে যথেষ্ট ব্যাঘাত জন্মালেও উৎপাদন বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।










