
চুবুৰীয়া ৰাষ্ট্ৰ ইৰাণৰ ওপৰত (Iran War Impact) আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণে সমগ্ৰ বিশ্বতে শক্তি সংকটৰ সৃষ্টি কৰিছে। আনহাতে, তেহৰানে হৰমুজ প্ৰণালীৰ মাজেৰে তেল টেংকাৰ পাৰ হোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১০০ ডলাৰ অতিক্ৰম কৰিছে। আৰু ইয়াৰ প্ৰত্যক্ষ নেতিবাচক প্ৰভাৱ পাকিস্তানত অনুভৱ কৰা হৈছে।

এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ চৰকাৰে শক্তি ৰাহিৰ বাবে সোমবাৰে কিছু পদক্ষেপ গ্ৰহণ কৰে। এই পদক্ষেপৰ অংশ হিচাপে চৰকাৰে ঘোষণা কৰে যে আগন্তুক ১৫ দিনৰ বাবে বিদ্যালয়সমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব। উচ্চ শিক্ষানুষ্ঠানত অনলাইন ক্লাছ অনুষ্ঠিত হ’ব আৰু চৰকাৰী কাৰ্যালয় সপ্তাহত চাৰিদিন খোলা থাকিব।
সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি, শ্বৰীফ চৰকাৰে সিদ্ধান্ত লৈছে যে চৰকাৰী কাৰ্যালয় খোলা থকা দিনবোৰত ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব। অৱশ্যে পূৰ্বৰ দৰেই চৰকাৰী বেংকসমূহ সপ্তাহত ছয় দিন খোলা থাকিব বুলি প্ৰধানমন্ত্ৰী শ্বৰীফৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ ফলত সৃষ্টি হোৱা শক্তি সংকটৰ বাবেই এই পদক্ষেপৰ কথা ঘোষণা কৰে ইছলামাবাদে।











