
পশ্চিম এছিয়াৰ আমেৰিকাৰ মিত্ৰ দেশসমূহে যুদ্ধত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ নকৰাৰ বাবে সমালোচনা কৰে ৰিপাব্লিকান চিনেটৰ লিণ্ডচে গ্ৰেহাম । তেওঁ ছৌদি আৰব, ইউ এ ই আদি মিত্ৰ দেশক ইৰাণৰ বিৰুদ্ধে প্ৰত্যক্ষ যুদ্ধত অৱতীৰ্ণ (Iran War) হ’বলৈ আহ্বান জনায়।

সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰিস্থিতি
ইফালে সংযুক্ত আৰব আমিৰশ্বাহীয়ে কেইবাখনো ড্ৰ’ন আৰু মিছাইল আটক কৰা বুলি জানিবলৈ দিয়ে। লগতে বাসিন্দাসকলক নিৰাপদ অঞ্চলত থাকিবলৈ কোৱা হৈছে।
ইজিপ্তত তেলৰ মূল্যবৃদ্ধি
পশ্চিম এছিয়াত সংঘাতৰ প্ৰভাৱৰ বাবে ইজিপ্ততো তেলৰ মূল্য বৃদ্ধি পাইছে।
তেহৰাণত শিশুৰ মৃত্যু
আমেৰিকা আৰু ইজৰাইলৰ বিমান আক্ৰমণৰ আঘাতত তেহৰাণত মৃত্যু হৈছে এটি এবছৰীয়া শিশুৰ। বহুমহলীয়া অট্টালিকাৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ।
বাহৰেইনত চাইৰেণ
মঙলবাৰে পুৱা (স্থানীয় সময় অনুসৰি) বাহৰেইনত চাইৰেণ বাজি উঠে।
ছটা ড্ৰ’ন
কুৱেইটে প্ৰকাশ কৰা অনুসৰি, তেওঁলোকে ইৰাণৰ ছখন ড্ৰ’ন ধ্বংস কৰিছে।
ডোহাৰ পৰিস্থিতি
কিছু ঘণ্টা পূৰ্বে ইৰাণে কাটাৰৰ ডোহাত আক্ৰমণ কৰে। ইয়াক কাটাৰৰ বাহিনীয়ে প্ৰতিহত কৰিছে। তেহৰাণত আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ পিছত কাটাৰত আবদ্ধ হৈ পৰে বহু পৰ্যটক আৰু বিদেশী। এইবাৰ তেওঁলোকক বিমানেৰে ঘৰলৈ উভতি যোৱাৰ ব্যৱস্থা কৰা হয়। ইতিমধ্যে বাহিনীয়ে বিমানবন্দৰটো কিমান নিৰাপদ সেই সন্দৰ্ভত পৰীক্ষা কৰিছে।
ইৰাণে কি কয়
ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ড ক’ৰ্পে এক বিবৃতিত কয় যে যুদ্ধ কেতিয়া শেষ হ’ব সেই সিদ্ধান্ত আমি ল’ম। তেওঁলোকে লগতে কয়, “এই অঞ্চলৰ সমীকৰণ আৰু ভৱিষ্যত এতিয়া আমাৰ বাহিনীৰ হাতত। আমেৰিকান সেনাই যুদ্ধ শেষ নকৰে।”
ট্ৰাম্পৰ বক্তব্য
আনহাতে, ট্ৰাম্পে কয় যে তেহৰাণত আমেৰিকা আৰু ইজৰাইলৰ যৌথ অভিযানৰ অন্ত পৰাৰ সময় কাষ চাপিছে। চি বি এছ নিউজৰ সাংবাদিক ৱেইজা জিয়াঙে প্ৰকাশ কৰা অনুসৰি, সোমবাৰে (আমেৰিকাৰ সময় অনুসৰি) আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ফোনযোগে কয়, “মই ভাবোঁ যুদ্ধ প্ৰায় শেষ হৈছে । তেওঁলোকৰ (ইৰাণৰ) নৌসেনা নাই, যোগাযোগ ব্যৱস্থা নাই, বায়ুসেনা নাই।”
স্কুলত আক্ৰমণ!
ইৰাণৰ মেহৰ সংবাদ সংস্থাই দাবী কৰিছে যে মধ্য চহৰ খোমেইনীৰ এখন বিদ্যালয়ত আমেৰিকাই ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়। বিদ্যালয়খনৰ নাম ড° হাফেজ খোমেইনি স্কুল। ইয়াৰ চৌপাশৰ কেইবাটাও ঘৰ ভাঙি গৈছে। অৱশ্যে এতিয়ালৈকে কোনো লোক হতাহতিৰ খবৰ প্ৰকাশ কৰা হোৱা নাই।











