
ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱ এইবাৰ ভাৰততো পৰিছে। দুয়োপক্ষৰ আক্ৰমণ আৰু প্ৰতি-আক্ৰমণৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত ইন্ধনৰ মূল্য বৃদ্ধি পাইছে। ফলত ৰন্ধন গেছৰ মূল্যও বৃদ্ধি পাইছে। এইবাৰ হঠাতে বন্ধ হৈ গৈছে চিলিণ্ডাৰৰ যোগান। যুদ্ধৰ পৰিস্থিতিৰ বাবে কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত বাণিজ্যিক চিলিণ্ডাৰ যোগানৰ নাটনি হৈছে।

ফলত বেংগালুৰুৰ হোটেল অ’নাৰ্ছ এছোচিয়েচনে সমগ্ৰ চহৰখনৰ সকলো হোটেল আৰু ৰেষ্টুৰেণ্ট বন্ধ কৰিবলৈ সকীয়াই দিছে। সোমবাৰে তেওঁলোকে জাৰি কৰা এক নিৰ্দেশত কোৱা হৈছে যে বাণিজ্যিক চিলিণ্ডাৰৰ যোগান হঠাতে বন্ধ হোৱাৰ বাবে হোটেলৰ ওপৰত নিৰ্ভৰশীল বহু লোক সমস্যাৰ সন্মুখীন হ’ব।
তেওঁলোকে কয় যে হোটেল সেৱাৰ দৰে এটা অত্যাৱশ্যকীয় সেৱা, য’ত সাধাৰণ মানুহৰ পৰা জ্যেষ্ঠ নাগৰিক বা ছাত্ৰ-ছাত্ৰীৰ পৰা চিকিৎসা বৃত্তিৰ লগত জড়িত লোকলৈকে প্ৰতিদিনে তেওঁলোকৰ খাদ্যৰ ওপৰত নিৰ্ভৰশীল। ফলত যদি বাণিজ্যিক চিলিণ্ডাৰৰ যোগান অব্যাহত নাথাকে তেন্তে তেওঁলোকে এখন এখনকৈ সকলো হোটেল আৰু ৰেষ্টুৰেণ্ট বন্ধ কৰিবলৈ বাধ্য হ’ব। ফলত উপৰোক্ত আটাইকেইটা সমস্যাৰ সন্মুখীন হ’ব লাগিব।
বেংগালুৰুস্থিত হোটেল এছোচিয়েচনৰ এগৰাকী বিষয়াই জনোৱা মতে, ইন্ধন যোগানকাৰী কোম্পানীসমূহে ইয়াৰ পূৰ্বেও কৈছিল যে তেওঁলোকৰ ষ্টকত ইন্ধন আছে । আগন্তুক ৭০ দিনলৈ যোগানত কোনো সমস্যা নহ’ব। কিন্তু তাৰ পাছত হোটেলৰ মালিককে ধৰি এই উদ্যোগৰ লগত জড়িত বহু লোকৰ হঠাতে যোগান বন্ধ হোৱাৰ বাবে মূৰত আকাশী সৰগ ভাঙি পৰিছে।
গতিকে এই সমস্যা শীঘ্ৰে সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে। অন্যথা হোটেল সংঘই ১০ মাৰ্চৰ পৰা ধৰ্মঘটৰ আহ্বান জনাইছে।











